ETV Bharat / state

বঙাইগাঁৱত মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

author img

By

Published : May 26, 2020, 7:03 PM IST

বঙাইগাঁৱত মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল ৷ খেতি পথাৰকে ধৰি বিভিন্ন সা-সম্পতি নষ্ট হৈছে বানাক্ৰান্ত লোক সকলৰ ৷ পথ সমুহ বানত ডুব যোৱাত ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটোত।

ETV BHARAT
বঙাইগাঁৱত মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

বঙাইগাঁও, 26 মেঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত ভয়ংকৰ বান ৷ ইতিমধ্যে মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত হৈছে বহু অঞ্চল ৷

Danger Flood At Bongaigaon District

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত বানে কালৰূপ ধাৰণ কৰিছে । ফেনে ফোটোকাৰে বাঢ়ি অহা মানাহ নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ১৫ খনৰো অধিক গাঁও । বানত ঘৰৰ ভতৰলৈকে একাঠু একাঠু পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোক সকলৰ ৷ নাম্বাৰ পাৰা, গোলাপাৰা, মাত্ৰাঘোলা, বালাৰ চৰ, বাংলাপাৰা, নাৰাৰভিটা, সন্তোষপুৰ আদি গাঁও জলমগ্ন হৈ পৰিছে । তাৰোপৰি নাম্বাৰ পাৰা মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং খনক লৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । ইতিমধ্যে ৰাইজে দলংখন ৰক্ষাৰ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ইফালে অঞ্চলৰ কেইবাটাও পথ পানীত ডুব গৈছে । পথ সমুহ বানত ডুব যোৱাত ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটোত । লগতে বানাক্ৰান্ত লোক সকলৰ ঘৰ দুৱাৰ নষ্ট হোৱাৰ উপৰিও বহু ধান খেতি নষ্ট হৈছে কৃষক সকলৰ। বানত এতিয়া বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক- তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.