ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2021, 11:02 PM IST

সমগ্ৰ দেশতে ভয়াৱহ ভাৱে বৃ্দ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত ৷ ইয়াৰ মাজতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে ঠায়ে ঠায়ে সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ ৷

congress-workers-protest-against-price-hike-of-essential-commodities
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

বঙাইগাঁও,10 জুলাই: পৰিৱৰ্তন আৰু মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৷ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ কাৰ্যকালত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাজ্যত অভাৱনীয় ৰূপ ধাৰণ কৰিছে ৷

কিন্তু, অত্যাধিক মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ পিছতো যেন চকু মুদা কুলিৰ ভাও জুৰিছে চৰকাৰে ৷ যাৰ বাবে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে শনিবাৰে বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটি আৰু বইটামাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকার্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰ হায় হায়,বিজেপি চৰকাৰ গ'বেক, পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক,অসম চৰকাৰ হায়,ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

অনতি পলমে ভয়াৱহভাৱে বৃদ্ধি পোৱা আকাশলংঘী মূল্যবৃদ্ধি ৰোধ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ভুৱা প্ৰতিশ্ৰুতিৰে শাসনলৈ আহি বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ জনগনক প্ৰতাৰণা কৰাৰো অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷

এই কাৰ্যসূচীত উপস্থিত থাকে বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি মিনাল অধিকাৰী, টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কেৰামত আলী,বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম, টাপাট্টাৰী ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী খাদিজা খাতুন, বঙাইগাঁও জিলাৰ সেৱা দলৰ সভাপতি চান্দ মামুদ, ছ'ছিয়েল মিডিয়াৰ সমন্বয়ক ছফিউৰ তালুকদাৰৰ লগতে আদি কৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল ৷

উল্লেখ্য যে,শেহতীয়াকৈ পেট্ৰল-ডিজেল,ৰন্ধন গেছ তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণ ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও গা লৰা নাই চৰকাৰৰ ৷

লগতে পঢ়কঃ কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.