ETV Bharat / state

বঙাইগাঁৱত ৰাইজৰ দলৰ আহ্বায়ক সমিটি গঠন - কৃষক মুক্তি

বঙাইগাঁৱত ৰাইজৰ দলৰ আহ্বায়ক সমিটি গঠন ৷ বঙাইগাঁও বিধানসভা সমষ্টি ভিত্তিত বুধবাৰে ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয় ৷ জিলাখনৰ বৰপাৰাস্থিত জ্যোতিসংঘ আয়োজিত সাধাৰণ সভাত বঙাইগাঁও বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷

বঙাইগাঁৱত ৰাইজৰ দলৰ আহ্বায়ক সমিটি গঠন
বঙাইগাঁৱত ৰাইজৰ দলৰ আহ্বায়ক সমিটি গঠন
author img

By

Published : Oct 28, 2020, 9:58 PM IST

চিৰাঙ, 28 অক্টোবৰ: বঙাইগাঁৱত গঠন কৰা হ'ল ৰাইজৰ দলৰ নামনি অসমৰ প্ৰথমখন আহ্বায়ক সমিতি ৷ বুধবাৰে ৰাইজৰ দলৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয় ৷ বুধবাৰে বঙাইগাঁও জিলাখনৰ বৰপাৰাস্থিত জ্যোতিসংঘ আৰু সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত এক সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলৰ আহ্বায়ক সমিটিখন গঠন কৰা হয় ৷ কৃষক মুক্তিৰ উপদেষ্টা তথা ৰাইজৰ দলৰ মুখ‍্য আহ্বায়ক হুচেইন মহম্মদ ছাহজাহান , বামপন্থী নেতা হৰেশ্বৰ বৰ্মন,কৃষক মুক্তিৰ বঙাইগাঁও জিলা সভাপতি মহিধৰ ৰায়,সম্পাদক নন্দন দেৱ নাথ,বঙাইগাঁৱৰ সমাজ সেৱক প্ৰভাত বৈষ্ণৱসহ বহুকেইগৰাকী লোকৰ উপস্থিতিত দলটোৱে আজি ৬৫ জনীয়া আহ্বায়ক সমিতিখন গঠন কৰে ।

ৰাইজৰ দলৰ নামনি অসমৰ প্ৰথমখন আহ্বায়ক সমিতি গঠন

সভাত ৰাইজৰ দলৰ মুখ‍্য আহ্বায়ক হুচেইন মহাম্মদ ছাহজাহানে কয় যে দলটোৰ উদ্দেশ্য কোনো ৰাজনৈতিক নেতা বা দল নহয় সাধাৰণ জনতাহে । সাধাৰণ জনতাক তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰাটোৱেই দলৰ মুখ্য লক্ষ্য বুলি ছাহজাহানে মন্তব্য কৰে । তেওঁ কয় যে অসমৰ ভূমিহীন লোকৰ হাতত ভূমি পট্টা দিয়া , অসমৰ নিৱনুৱা সমস্যা সমাধান কৰা তথা অসমৰ সৰ্বাংগীণ উন্নয়নেই ৰাজনীতিৰ মূল বিষয় হব লাগিব ৷
বৰপাৰাস্থিত জ্যোতি সংঘত আয়োজিত সাধাৰণ সভাখনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত ৬৫ জনীয়া আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷ সভাত ৰাইজৰ দলৰ মুখ্য আহ্বায়কদ্বয় হুছেইন মহম্মদ ছাহজাহান আৰু হৰেশ্বৰ বৰ্মন প্ৰমুখ্যে অন্যান্য নেতৃবৰ্গই বিগত সাতটাকৈ কাৰ্যকাল বঙাইগাঁৱৰ পৰা নিৰ্বাচিত হৈ অহা অগপৰ ফণীভূষণ চৌধুৰীক ভণ্ড তথা আঞ্চলিকতাবাদী নেতা হিচাপে আখ্যা দি আগন্তক নিৰ্বাচনত তেওঁক উৎখাত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷
লগতে পঢ়ক: মঙলদৈত নৱগঠিত 'ৰাইজৰ দল'ৰ আহ্বায়ক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.