ETV Bharat / state

Uco bank in Bongaigaon: সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ - সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালকে গ্ৰাহক

সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালক মাধৱ দাসে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ(Branch Manager Madhav Das alleged abused customer bongaigaon Uco Bank) । একাউন্টৰ পৰা ধন ওলোৱাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক ।

Branch Manager Madhav Das alleged abused customer bongaigaon Uco Bank
Uco bank in Bongaigaon: সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ
author img

By

Published : Dec 7, 2022, 4:56 PM IST

বঙাইগাঁও,7 ডিচেম্বৰ: বঙাইগাঁও জিলাৰ বৰঘোলা বজাৰত অৱস্থিত সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালক মাধৱ দাসৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ বেংকটোৰ শাখা পৰিচালক মাধৱ দাসে ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে (Branch Manager Madhav Das alleged abused customer bongaigaon Uco Bank) । শাখা পৰিচালকৰ দুৰ্ব্যৱহাৰ আৰু মইমতালিত অতিষ্ঠ হৈ পৰিছে বেংকৰ গ্ৰাহকসকল ।

সৃজনগ্ৰাম ইউকো বেংকৰ শাখা পৰিচালকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কোকিলা গাওঁ পঞ্চায়ত, গোলাপাৰা বাংলাপাৰা গাওঁ পঞ্চায়ত, বালাৰচৰ গাওঁ পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী সকলে সৃজনগ্ৰাম ইউকো বেংকত নিজৰ একাউণ্ট খুলি হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি ভুক্তভোগী গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰে আৱন্টন দিয়া ধনৰাশি উলিয়াবলৈ দিনৰ পিছত দিন, সপ্তাহৰ পিছত সপ্তাহ বেংকলৈ ভুমুকি মাৰিবলগীয়াত পৰিছে যদিও উলিয়াব পৰা নাই হিতাধিকাৰীয়ে প্ৰাপ্য ধনখিনি ৷

আনকি এটা বেংক একাউণ্ট খোলাৰ বাবেও দিনৰ পাছত দিন বেংকলৈ আহিবলগীয়া হৈছে লগতে অনৰ্থকভাৱে অধিক ধন ভৰিবলগীয়াত পৰিছে বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে । ধন উলিয়াবলৈ যোৱা গ্ৰাহক অথবা হিতাধিকাৰীসকলক শাখা পৰিচালকজনে বিভিন্ন অজুহাতত ঘুৰাই পঠিওৱাৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । কোকিলাৰ পৰা প্ৰায় ৩০-৪০ কিলোমিটাৰ দুৰত্বত অৱস্থিত এই বেংকটোত গ্ৰাহক সকলে নিজৰ ধন উলিয়াবলৈ আহি দিনৰ পিছত দিন খালি হাতে ঘূৰি যাব লগা হোৱাত আৰ্থিক সমস্যাত ভুগিবলগীয়াত পৰিছে গ্ৰাহকসকল ।

আনহাতে একাউন্ট খোলাৰ নামতো বিভিন্ন অজুহাত দেখুৱাই ওচৰত থকা গ্ৰাহক সেৱা কেন্দ্ৰ লৈ গ্ৰাহকক পঠিয়াই দিয়াৰ লগতে ধন বিচৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । পাছবুক আপডেটৰ মেছিন পৰ্যন্ত ৬ মাহ ধৰি বিকল অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে । তথাপিও আজি পৰ্যন্ত কাণসাৰ নাই শাখা পৰিচালকৰ ।

বেংকটোৰ শাখা পৰিচালকজনৰ বিৰুদ্ধে শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্দ্ধতম কৰ্তৃপক্ষক ভুক্তভোগী গ্ৰাহক সকলে দাবী জনাইছে ।

লগতে পঢ়ক: Conflict over land : ধুবুৰীত ভূমিকেন্দ্ৰিক সংঘাতত মহিলাসহ আহত কেইবাগৰাকীও

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.