চিৰাং, 24মেঃ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ অনুসৰি, আজি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু বঙাইগাঁও বিধান সভা সমষ্টি যুৱ কংগ্ৰেছ উদ্যোগত নিম্ন আয়ৰ দৰিদ্ৰ লোকৰ মাজত ২০০ টকাকৈ এদিনৰ মজুৰী আৰ্থিক সাহাৰ্য হিচাবে প্ৰদান কৰে । যুৱ কংগ্ৰেছ দলটিয়ে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা ছমাহৰ ভিতৰত এই আঁচনি গ্ৰহন কৰি প্ৰতিজন দৰিদ্ৰলোকক প্ৰতি দিনে হাজিৰা হিচাপে ২০০ টকা আৰু মাহেকত ৬ হেজাৰ দিবলৈ আহ্বান জনায় ।
যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে দেশৰ এই দৰিদ্ৰ লোকৰ বাবে "নায়া" নামৰ এই আঁচনিৰ ঘোষনা কৰিছিল । চৰকাৰত নাহিলেও কংগ্ৰেছ দলে আঁচনি মতেই বিভিন্ন ঠাইত দৰিদ্ৰ লোকৰ কাষত থিয় দিছে ৷ প্ৰথম পৰ্য্যায়ত ১৫গৰাকী দৰিদ্ৰ লোকৰ মাজত এইদৰে সাহাৰ্য বিতৰন কৰে যদিও পৰৱৰ্তী সময়ত সকলো দৰিদ্ৰ লোকৰ মাজত প্ৰদানৰ চেষ্টা চলাব বুলিও জনায় যুৱ কংগ্ৰেছ নেতা বীৰ কুমাৰ অধিকাৰীয়ে ।
দেশত কৰ‘ণা আতংক আৰু দীৰ্ঘদিনীয়া লক ডাউনৰ দৰিদ্ৰ লোকৰ মাজত কংগ্ৰেছ দলে বিতৰণ কৰা এই দুশ টকাৰ বাবে দৰিদ্ৰ লোক সকলে কংগ্ৰেছ দল আৰু দলটোৰ কৰ্ম কৰ্তাসকলৰ শলাগ লয় ।
লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰত অনিয়মঃ ব্যৱস্থাৰ গ্ৰহণৰ নিৰ্দেশ বিধায়ক কৃষ্ণেন্দু পালৰ