ETV Bharat / state

বঙাইগাঁৱত অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকৰ ক্ষোভ

শিক্ষক নিযুক্তিৰে ৰাজ্য়ৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া অসম চৰকাৰৰ । কিন্তু ইয়াৰ মাজতে একাংশ অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকৰ ক্ষোভ চৰকাৰৰ বিৰুদ্ধে । বহু বছৰ ধৰি বিনা বেতনে কাম কৰা পিছতো চাকৰি নিয়মীয়াকৰণ নকৰাৰ অভিযোগ শিক্ষকসকলৰ ।

বঙাইগাঁৱত অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকৰ ক্ষোভ
বঙাইগাঁৱত অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকৰ ক্ষোভ
author img

By

Published : Feb 5, 2021, 9:06 PM IST

বঙাইগাঁও,৫ফেব্ৰুৱাৰী: শুকুৰবাৰে অসমৰ কেইবাহাজাৰ শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । নতুনকৈ টেট উত্তীৰ্ণৰ লগতে প্ৰায় ১৬ হাজাৰ অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষককো নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্য় চৰকাৰে । চৰকাৰৰ এই পদক্ষেপক বিভিন্ন জনে আদৰণি জনাইছে যদিও ৰাজ্য়ৰ একাংশ অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকে ক্ষোভ উজাৰিছে । কিয়নো বিগত ২০-৩০ বছৰে বিনা বেতনে কাম কৰা পিছতো নিযুক্তি লাভ কৰা নাই ৰাজ্য়ৰ বহু শিক্ষকে । ইয়াৰ ভিতৰত বঙাইগাঁও জিলাৰ প্ৰায় ১০ খন বিদ্য়ালয়ৰ নিযুক্তিৰ পৰা বঞ্চিত একাংশ শিক্ষকে কেমেৰাৰ সন্মুখতে ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে ।

বঙাইগাঁৱত অ-প্ৰাদেশীকৃত বিদ্য়ালয়ৰ শিক্ষকৰ ক্ষোভ

জ্য়েষ্ঠ শিক্ষকক বঞ্চিত কৰি একাংশ কনিষ্ঠক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ অভিযোগ শিক্ষকসকলৰ । আনফালে নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকসকলৰ ঘৰত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা বুলিও কেমেৰাৰ সন্মুখত মন্তব্য় কৰে শিক্ষক সকলে । চৰকাৰক অতি শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনালে শিক্ষকসকলে ।

লগতে পঢ়ক:অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য়বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত মাৰ্ঘেৰিটাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.