ETV Bharat / state

বঙাইগাঁৱত ধুমুহাৰ তাণ্ডৱ: বিস্তৰ ক্ষতি সাধন - bongaigaon storm destroy

বৃহস্পতিবাৰে পুৱা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় । ধুমুহাৰ ফলত বহু লোকৰ ঘৰ ধ্বংসস্তুপত পৰিণত হয় । ধুমুহাৰ ফলত বহু গছ-গছনি উভালি বন্ধ হৈ পৰে বিভিন্ন পথ ।

বঙাইগাঁৱত ধুমুহাৰ তাণ্ডৱ
বঙাইগাঁৱত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Apr 8, 2021, 7:42 PM IST

চিৰাং,৮ এপ্ৰিল: বৃহস্পতিবাৰে পুৱা বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাই কালৰূপ ধাৰণ কৰা দেখা গৈছে । প্ৰায় ১৫ মিনিট ধৰি ধুমুহাই বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷
বিশেষকৈ জিলাখনৰ অভয়াপুৰী, কাকৈজানা, সোনাখুলী, বৰঘোলা, সৃজনগ্ৰাম, নদীয়ালপাৰা ইত্যাদি অঞ্চলৰ কুৰিৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয় ।

বঙাইগাঁৱত ধুমুহাৰ তাণ্ডৱ

কালধুমুহাত নদীয়ালপাৰাৰ জ্যোতিষ কলিতা নামৰ লোকজনৰ চাৰিজনীয়া পৰিয়ালটো কথমপি ৰক্ষা পৰে । ধুমুহাই লোকজনৰ তিনিটাকৈ বাসগৃহ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰাৰ ফলত পথৰ ওপৰতেই আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

ধুমুহাৰ ফলত বহু গছ-গছনি উভালি পৰি কেইবাটাও পথ বন্ধ হৈ পৰাৰ উপৰিও ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । কাকৈজানাৰ একাংশ বিদ্যালয়ৰো যথেষ্ট ক্ষতি সাধন হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে সোনাখুলীত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.