বঙাইগাঁও, 24 এপ্ৰিল : বঙাইগাঁও জিলাত একাংশ অসাধু লোকে পাহাৰ পূজা মেলা উপলক্ষে বিশাল পৰিসৰত জুৱা খেলৰ আয়োজন কৰা দেখা গৈছে ৷ জিলাখনত ক'ৰণাত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ক'ভিড সংক্ৰান্তীয় কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু জিলাখনৰ একাংশ লোকৰ মাজত এই লৈ এতিয়াও সজাগতাৰ অভাৱ দেখা গৈছে ৷
একাংশ সচেতন লোকে সদৰি কৰা মতে, বঙাইগাঁৱৰ ছিটকাগাঁৱত প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনাক অবজ্ঞা কৰি এচাম অসাধু লোকে অবৈধভাৱে জুৱাৰ খেল আয়োজন কৰা দেখা গৈছে ৷ উল্লেখ্য যে, বঙাইগাঁৱৰ ছিটকাগাঁৱত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে আৰম্ভ হৈছে পাহাৰ পূজা মেলাৰ।
অভিযোগ মতে, বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ বাবে জিলাখনত সকলো ধৰণৰ সামাজিক অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ কিন্তু এই ধৰণে জুৱাৰ নামত মুকলিকৈ জনসমাগম হোৱা প্ৰত্যক্ষ কৰিও আৰক্ষী তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে:সৰ্বানন্দ সোণোৱাল