ETV Bharat / state

বঙাইগাঁৱত ট্ৰাকৰ খুন্দাত নিহত এজন

author img

By

Published : Oct 6, 2020, 7:32 PM IST

মানিকপুৰ আৰক্ষীয়ে ইতিমধ্যে মঙলবাৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে যদিও বৰ্তমানো পলাতক ট্ৰাকখনৰ চালক তথা হেণ্ডিমেন । আনহাতে, দুৰ্ঘটনাত নিহত নজৰুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহ বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে।

Bongaigaon
বঙাইগাঁও

বঙাইগাঁও, 6 অক্টোবৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনা ৷ ফলত থিতাতে নিহত হয় এজন লোক । নিহত ব্যক্তিজন চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিষডোবা গাঁৱৰ নজৰুল ইছলাম (৬০) বুলি জানিব পৰা গৈছে। AS19_AC_2807 নম্বৰৰ ১৮ চকীয়া ট্ৰাকে খুন্দিয়াৰ ফলত থিতাতে নিহত হয় পথচাৰীজন ।

দীৰ্ঘদিনৰ পৰা পাতিলাদহাৰ ভিতৰুৱা অঞ্চলত ১০-১৮ চকীয়া ট্ৰাকৰ চালকে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । আনহাতে, মাণিকপুৰ থানাত প্ৰতিটো ট্ৰাকৰ বিনিময়ত মোটা অংকৰ ধন সংগ্ৰহ কৰি ট্ৰাক সমূহ যাবলৈ দিয়া হয় বুলিও অভিযোগ কৰে অঞ্চলবাসীৰ লগতে আলুখুন্দা আঞ্চলিক আমছুৰ সভাপতিয়ে ।

উল্লেখ্য যে, মানিকপুৰ আৰক্ষীয়ে ইতিমধ্যে মঙলবাৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে যদিও বৰ্তমানো পলাতক ট্ৰাকখনৰ চালক তথা হেণ্ডিমেন । আনহাতে দুৰ্ঘটনাত নিহত নজৰুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহ বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে। ট্ৰাকৰ ভিতৰত কি সামগ্ৰী আছিল সেয়াও এতিয়ালৈ জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃ চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.