বঙাইগাঁও, 16 জুলাই : বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বৃহৎ অঞ্চল ব্ৰহ্মপুত্ৰ নৈৰ বানত বুৰ গৈছে । মহকুমাটোৰ তিনিখন গাঁও পঞ্চায়তৰ অধিকাংশ বানৰ মাজত । বাদ পৰা নাই ঔডুবি গাঁওস্থিত মাজেৰ আলগা নদী আৰক্ষী চকী ।

আৰক্ষী চকীখনৰ চাৰিওদিশে পানী থকাৰ লগতে কোঠাৰ ভিতৰত এককাঁল পানী । যন্ত্ৰচালিত এখন নাৱেৰেই চলিছে আৰক্ষী চকীখন । কুঁৱা আৰু দমকল পানীৰ তলত বুৰ যোৱাত দূৰৈৰ পৰা পানী আনি খাবলগীয়া হৈছে । আৰক্ষী চকীৰ শৌচালয়টোও পানীত বুৰ গৈছে । আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মফিদুল আলমে বানৰ মাজতো কৰ্তব্য সম্পাদন কৰি থকাৰ কথা জনায় ৷


লগতে পঢ়ক : বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ