বঙাইগাঁও, 7 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে বঙাইগাঁও জিলাৰ বিদ্যাপুৰত উদ্ধাৰ কৰা হয় বহিঃৰাজ্যৰ 2 গৰাকী অপহৃত লোক । ত্ৰিপুৰাৰ পৰা কৌশলৰে বঙাইগাঁও লৈ মাতি আনি অপহৰণ কৰাৰ অভিযোগ উখাপন হৈছে ৷ ইয়াৰে এগৰাকী চৰকাৰী বিভাগৰ অভিযন্তা বুলিও জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, বৃহস্পতিবাৰে নিশা ত্ৰিপুৰাৰ কল্যাণপুৰ থানাৰ অধীনৰ বীৰমণি দেৱ বৰ্মন আৰু বিকাশ দেৱ বৰ্মনক ডাইবেটিক চিকিৎসাৰ বাবে বিদ্যাপুৰৰ আনোৱাৰ হুচেইন নামৰ দুস্কৃতিকাৰী এজনে বিদ্যাপুৰলৈ মাতি আনি দুয়োকে আৱদ্ধ কৰি ৰাখে ৷ পিছত আনোৱাৰ হুচেইনৰ নেতৃত্বত দল এটাই দুয়োৰে ওপৰত অত্যাচাৰ চলাই সকলো সা-সমগ্ৰী কাঢ়ি লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷
শুকুৰবাৰে দুই অপহৃত অপহৰণকাৰীৰ কবলৰ পৰা পলাই গৈ ৰাজপথত দুয়োজনে চিঞৰিব ধৰে ৷ তেনে অৱস্থাত ৰাইজে দুয়োকে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, বৰ্তমানেও পলাতক হৈ আছে অপহৰণকাৰীৰ দলটো ।
লগতে পঢ়ক : আহিছে ভাল খবৰঃ বিশ্বৰ প্ৰথম ক'ভিড প্ৰতিষেধক মুকলিৰ দিশে ৰাছিয়া