বঙাইগাঁও,25 জানুৱাৰীঃ বঙাইগাঁৱত শনিবাৰে কেবাটাও ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰে যৌথ সংবাদমেল ৷ সংবাদমেলখনত ইউ টি চি ৰ বিৰোধিতাৰে গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ লগতে ২৭ জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকালীন বি টি এ ডি বন্ধৰ আহ্বান জনোৱা হয় । বঙাইগাঁও বৰপাৰাৰ হোটেল শিৱালীত আয়োজিত সংবাদমেলখনত আক্ৰাছু (হিতেশ গোট),এ বি এম এচ ইউ,নাথ-যোগী ছাত্ৰ সন্থা,কলিতা ছাত্ৰ সন্থা,অবড়ো সুৰক্ষা সমিতি আদিয়ে অংশগ্ৰহণ কৰে ।
মুঠৰ ওপৰত বি টি চি ৰ লগতে অসমৰ বিভিন্ন দল-সংগঠনে এটা জনগোষ্ঠীকে গুৰুত্ব প্ৰদান কৰি ইউ টি চি গঠন কৰিবলৈ লোৱাত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলন কাৰ্যসূচী ঘোষণা কৰে ।
লগতে চাওকঃমৰাণৰ কবি মানসী গগৈলৈ অসম সাহিত্য সভাৰ 'কবি অমূল্য বৰুৱা বঁটা'