বঙাইগাঁও, 28 ফেব্ৰুৱাৰীঃ অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জনত বহিল বঙাইগাঁওৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী ৷ অধ্যক্ষ আৰু গাণনিকৰ বিৰুদ্ধে ছাত্ৰ একতা সভাৰ ধন আত্মসাতৰ অভিযোগ ৷ ছাত্ৰ একতা সভাৰ পুঁজিৰ বাবে সংগ্ৰহিত লক্ষাধিক টকাৰ হিচাপ দিব পৰা নাই ছাত্ৰক ৷ লগতে টকাৰ হিচাপ বিচাৰিলেই শিক্ষাৰ্থীক পৰীক্ষাত বহিব নিদিয়াৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ অধ্যক্ষ আৰু গাণনিকৰ বিৰুদ্ধে ৷ সেই হেতুকে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনত বহে প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকল ৷
লগতে পঢ়কঃ পুনৰ প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল