বঙাইগাঁও, 19 অক্টোবৰঃ বঙাইগাঁও জিলাৰ নাচনকুৰিত আৰক্ষীৰ অভিযান ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বঙাইগাঁও সদৰ থানাৰ চহৰ উপ পৰিদৰ্শক পলাশ নাৰ্জাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই জিলাখনৰ তিনি নম্বৰ নাচনকুৰিৰ পৰা আটক কৰে এজন ড্ৰাগছ ব্যৱসায়ীক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁৱৰ হাপাছাৰাৰ ফুলবাবু হক ৷ AS-19 E-6923 নম্বৰৰ বাইক এখনত ফুলবাবু হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আহিছিল ৷ আৰক্ষীৰ দলটোক দেখি ফুলবাবু হকে পলোৱাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
বঙাইগাঁও আৰক্ষীয়ে দীৰ্ঘদিনৰ ধৰি ফুলবাবু হক নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ সন্ধান বিচাৰি আছিল যদিও আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল ফুলবাবু হকে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে যে, আটক কৰা সময়ত তেখেতৰ লগত কেইবাটাও সন্দেহযুক্ত ব্ৰাউন চুগাৰৰ কনটেইনাৰ আছিল ৷ আৰক্ষীয়ে খেদি যোৱাৰ সময়ত কনটেইনাৰ কেইটা ভৰ ধাননি পথাৰত পেলাই দিয়ে ফুলবাবুৱে ৷ সম্প্ৰতি ফুলবাবু হকক জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও সদৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে, বঙাইগাঁও জিলাত দীৰ্ঘ দিনৰ পৰাই চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে মাজে মাজে দুই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও মূল ড্ৰাগছ ব্যৱসায়ী কোন সেয়া এতিয়াও পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷