ETV Bharat / state

বঙাইগাঁৱত 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Dec 25, 2020, 3:59 PM IST

বঙাইগাঁৱৰ নাম্বাৰ পাৰাৰ মাকৈ খেতিৰ পথাৰত উদ্ধাৰ এটি শিশুৰ মৃতদেহ ৷ মৃতদেহটো সহিজ উদ্দিনৰ পুত্ৰ ইমামুল হকৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

DEADBODY_RECOVERY
বঙাইগাঁৱত 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

উত্তৰ অভয়াপুৰী,25 ডিচেম্বৰ : শুকুৰবাৰে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ডৰ পথাৰত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ । শিশুটি নাম্বাৰ পাৰা দ্বিতীয় খণ্ড গাঁৱৰ সহিজ উদ্দিনৰ 9 বছৰীয়া পুত্ৰ ইমামুল হকৰ বুলি জানিব পৰা গৈছে ৷

bongaigaon-deadbody-recovery
বঙাইগাঁৱত 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি ৷ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ইমামুল হক খেলিবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে শিশুটিৰ সন্ধানত বহু বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল ৷ শুকুৰবাৰে অৱশেষত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷ এজন মাকৈ খেতিয়কে পথাৰত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ ইয়াৰ পাচতে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ পাচতে উদ্ধাৰ কৰা হয় মৃতদেহটো ৷

bongaigaon-deadbody-recovery
বঙাইগাঁৱত 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

ইফালে, মৃতদেহটো উদ্ধাৰৰ পাচতে স্থানীয় ৰাইজ, আমছু, এন এছ ইউ আইৰ সদস্যসকল ক্ষোভিত হৈ পৰে ৷ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই দল-সংগঠন আৰু স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.