বঙাইগাঁও,3 মে’ঃ বঙাইগাঁও জিলাত ইতিমধ্য়ে চাৰিজন ৰোগীৰ শৰীৰত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত পুনৰ যাতে ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন ৷ বিষয় সন্দৰ্ভত দেওবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰে উপায়ুক্ত ডা৹ এম এছ লক্ষ্মীপ্ৰিয়াই ৷ সংবাদমেলখনত উপায়ুক্ত গৰাকীয়ে Covid 19 ৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কীয় ব্যৱস্থাপনাসমূহ উল্লেখ কৰে ৷ লগতে এই দুৰ্যোগৰ সময়ত যদি কোনো স্বেচ্ছাসেৱী সেৱক অথবা সংগঠনে সহায়ৰ বাবে আগবাঢ়ি আহিব বিচাৰে, তেন্তে জিলা প্ৰশাসনৰ ফেচবুক পেজ বা ডি ই অ’ চিৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই প্ৰকাশ কৰে ৷
লগতে চাওকঃ পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ