ETV Bharat / state

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত দাবী কংগ্ৰেছ মুখপাত্ৰৰ - assam news

বঙাইগাঁৱৰ বাঘমাৰা-চৌৰাগুৰি পঞ্চায়তৰ সভাপতি অমৰ চন্দ্ৰ সৰকাৰে ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷ সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ অষ্টম শ্ৰেনী উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ ভুৱা বুলি গোচৰ তৰে বঙাইগাঁৱৰ একাংশ ৰাইজে ।

সঞ্চায়ত সভাপতিৰ বিৰুদ্ধে চিআইডিৰ তদন্ত দাবী কংগ্ৰেছ মুখপাত্ৰৰ
author img

By

Published : Jun 29, 2019, 11:46 PM IST

Updated : Jun 30, 2019, 8:30 AM IST

বঙাইগাঁও, 29 জুনঃ শিক্ষাৰ ভুৱা প্ৰমাণ পত্ৰ লৈ বাঘমাৰা-ছৌৰাগুৰী পঞ্চায়তৰ সভাপতি হৈছে বিজেপি প্ৰাৰ্থী । শাসকীয় দলৰ হোৱা বাবে চৰকাৰী তদন্তৰ নামতো ভেকোভাওনা ।
বঙাইগাঁৱৰ বাঘমাৰা-চৌৰাগুৰি পঞ্চায়তৰ সভাপতি অমৰ চন্দ্ৰ সৰকাৰে ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ অষ্টম মান শ্ৰেনী উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ ভুৱা বুলি গোচৰ তৰে বঙাইগাঁৱৰ একাংশ ৰাইজে । কিন্তু গোচৰৰ ভিত্তিতে আৰক্ষীয়ে কৰা তদন্তত কোনো ভুল তথ্য নাপালে বুলি সদৰী কৰে ৷ যাৰ বাবে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ জ্যোৰ্তিময় বৈশ্যই শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰৰ তৃণমূল পৰ্যায়তে দূৰ্ণীতি হৈছে বুলি মন্তব্য কৰে ৷ লগতে দূৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ শ্ল'গান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰ্ণীতিগ্ৰস্ত আৰু অসৎ বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও আহ্বান জনায় । লগতে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত দাবী কৰাৰ লগতে বিষয়টো সংসদৰ মজিয়াত নিয়াৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সৈতে যোগাযোগ কৰাৰ কথা জানিবলৈ দিয়ে ।

Intro:শিক্ষাৰ ভুৱা প্ৰমান পত্ৰ লৈ বাঘমাৰা-ছৌৰাগুৰী পঞ্চায়তৰ সভাপতি হৈছে বিজেপিৰ এজন প্ৰাৰ্থী। শাসকীয় দলৰ হোৱা বাবে চৰকাৰী তদন্তৰ নামতো ভেকোভাওনা।
Body:শিক্ষাৰ অৰ্হতা পত্ৰ ভুৱা। এই ভুৱা প্ৰমান পত্ৰ লৈ পঞ্চায়তৰ নিৰ্বাচনো খেলিলে। নিৰ্বাচন জিকি পঞ্চায়তৰ সভাপতি পদতো বহিল। শৈক্ষিক অৰ্হতাক লৈ ৰাইজে অভিযোগো দিলে। কিন্তু আৰক্ষীৰ তদন্ত শূন্য। উপায়ুক্তৰ ফালৰ পৰাও ব্যৱস্থা লোৱা নহ'ল। এতিয়া আৰু কোনে কি কৰে। সকলোকে মেনেজ কৰিব পাৰে এই জন অভিযুক্ত। নাম অমৰ চন্দ্ৰ সৰকাৰ। পেছা---- বঙাইগাঁও জিলাৰ বাঘমাৰা-চৌৰাগুৰি পঞ্চায়তৰ সভাপতি। বিজেপি দলৰ পৰা নিৰ্বাচন খেলি পঞ্চায়তৰ সভাপতি হৈছে অমৰ চন্দ্ৰ সৰকাৰে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাইজে অমৰ সৰকাৰৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দিছিল। আন একাংশ ৰাইজে বঙাইগাঁৱৰ আদালতত গোচৰ তৰিছিল অমৰৰ বিৰুদ্ধে। অভিযোগ একেটাই। অষ্টম মান শ্ৰেনী উতীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ ভুৱা। তদন্ত আৰু উচিত শাস্তি বিচাৰি অমৰৰ বিৰুদ্ধে দিয়া হয় গোচৰ।

আৰক্ষীয়ে হেনো তদন্তত একো নাপালে। সেয়ে গোচৰটো নিস্পত্তি কৰা হ'ল বুলি আৰক্ষীয়ে অভিযোগকাৰীক শুক্ৰবাৰে জনালে। অৰ্থাৎ অমৰে আৰক্ষীক মেনেজ কৰিলে।

এতিয়া বঙাইগাঁৱৰ কংগ্ৰেছ দলে আগুৱাই আহিছে অমৰৰ জালিয়াতি ধৰিবলৈ। ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ জ্যোৰ্তিময় বৈশ্যই আজি দুপৰীয়া বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এই বিষয়ে এখন সংবাদ মেল সম্বোধন কৰি কয় যে বিজেপি চৰকাৰৰ তৃণমূল পৰ্যায়তে দূৰ্ণীতি হৈছে। শূণ্য সহনশীলতাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰ্ণীতিগ্ৰস্ত আৰু অসৎ বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা লওক বুলি বৈশ্যই আহ্বান জনায়।

বঙাইগাঁৱৰ চাপৰাকাটা-পোপৰাগাঁও উচ্চ বিদ্যালয় আৰু বিজনীৰ জাকিৰ হুছেইন পাবলিক হাইস্কুলৰ পৰা একেটা বৰ্ষ আৰু তাৰিখত অষ্টম শ্ৰেনী উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ অমৰৰ লগত পোৱা গৈছে। কিন্তু দুয়োখন বিদ্যালয়ে অমৰ তেওঁলোকৰ ছাত্ৰ নাছিল বুলিহে লিখিত দিছে।

কিন্তু আৰক্ষীৰ দৃষ্টিত অমৰ নিৰ্দোষী। সেয়ে আৰক্ষীয়ে অভিযোগকাৰীক গোচৰ উঠাই নিয়াৰ বাবে হেঁচা দিয়াৰ অভিযোগ উঠিছে।

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোৰ্তিময় বৈশ্যই অমৰৰ বিৰুদ্ধে চিআইডিৰ তদন্ত দাবী কৰাৰ লগতে বিষয়টো সংসদৰ মজিয়াত নিয়াৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সৈতে যোগাযোগ কৰাৰ কথা জানিবলৈ দিয়ে।

বাইট: কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোৰ্তিময় বৈশ্য-সহ এজন অভিযোগকাৰূ ।।
Conclusion:বিজেপি নেতৃত্বাধীন অসম চৰকাৰে দুৰ্ণিতিৰ ক্ষেত্ৰত সুন্য সহনশীল বুলি মিছাতেই দম্ভালি মাৰি থাকে । বাস্থৱত একো নহয় বিজেপিৰ বৰঘৰতে দুৰ্ণীতিৰ বজাৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jun 30, 2019, 8:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.