ETV Bharat / state

ভাড়া ঘৰ এৰিবলৈ হেঁচা প্ৰয়োগ জিলা অতিৰিক্ত উপায়ুক্তৰ পৰিয়ালক - জিলা অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনে নিশাই নিজ কৰ্তব্য কৰি থকা জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই বিগত বহু দিনৰ পৰা এখন হোটেলত বাহৰ পাতি আছে ৷ কৰ্তব্যৰ মাজতে সময়ে সময়ে পৰিয়ালক এপাক চাবলৈ আহে বিষয়াগৰাকীয়ে ৷ ফলত মালিকপক্ষই ভাৰা ঘৰ এৰিবলৈ নিৰ্দেশ দিছে পৰিয়ালটোক ৷

ভাড়া ঘৰ এৰিবলৈ হেঁচা প্ৰয়োগ জিলা অতিৰিক্ত উপায়ুক্তৰ পৰিয়ালক

author img

By

Published : May 3, 2020, 8:07 PM IST

বঙাইগাঁও, 3 মেঃ প্ৰতিজন কৰ'ণা যোদ্ধাক ৰাষ্ট্ৰীয়ভাৱে সন্মান জনোৱা সময়তে বঙাইগাঁৱত ভাৰাঘৰৰ মালিকৰ মানসিক অত্যাচাৰৰ সন্মুখীন হৈছে স্বয়ং প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ পৰিয়াল । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জিলাখনৰ বৰপাৰাৰ নিবাসী, প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ৰোহিনী চৌধুৰীৰ ঘৰত ভাৰাতীয়া হিচাপে থকা বঙাইগাঁৱৰ অতিৰিক্ত উপায়ুক্তৰ পৰিয়ালক শীঘ্ৰে ঘৰ এৰি যাবলৈ হেঁচা প্ৰয়োগ কৰিছে ঘৰৰ মালিকে ৷ দীৰ্ঘ দিন ধৰি ভাৰাঘৰৰ মালিকৰ মানসিক অত্যাচাৰ বলি হৈছে পৰিয়ালটো ৷

ভাড়া ঘৰ এৰিবলৈ হেঁচা প্ৰয়োগ জিলা অতিৰিক্ত উপায়ুক্তৰ পৰিয়ালক

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনে নিশাই নিজ কৰ্তব্য কৰি থকা জিলা অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই বিগত বহু দিনৰ পৰা এখন হোটেলত বাহৰ পাতি আছে ৷ কৰ্তব্যৰ মাজতে সময়ে সময়ে পৰিয়ালক এপাক চাবলৈ আহে বিষয়াগৰাকীয়ে ৷ ফলত মালিকপক্ষই ভাৰা ঘৰ এৰিবলৈ নিৰ্দেশ দিছে পৰিয়ালটোক ৷ আনহাতে, খোদ প্ৰশাসনৰ লগত জড়িত হৈয়ো ভাৰাঘৰৰ মালিকপক্ষই এনে মানসিকতা ৰখাটো নিন্দাজনক বুলি মন্তব্য কৰে বহু সচেতন লোকে লগতে জিলা প্ৰশাসনক এই ক্ষেত্ৰত ব‍্যৱস্থা গ্ৰহনৰ দাবী জনাইছে সচেতনমহলে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.