বঙাইগাঁও, 13 মাৰ্চ : অসমৰ শিক্ষাব্যৱস্থাত ঘটিল এক নতুন সংযোজন ৷ অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ অধীনত অসমত পৰীক্ষামূলকভাৱে পাঠদান আৰম্ভ হ’ল পাঁচখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ৷ 1800 শতিকাৰ জাৰ্মান আৰু ফৰাছী 'কিণ্ডাৰ গাৰ্টেন'ৰ আলমত আৰম্ভ হ’ল এই নতুন শিক্ষাপ্ৰণালী ৷
উল্লেখ্য যে, 'কিণ্ডাৰ গাৰ্টেন'ৰ অৰ্থ হৈছে শিশুৰ বাগিছা ৷ তিনিবছৰ বয়সৰ পৰাই এই বিদ্যালয়সমূহত দিয়া হ’ব মাতৃভাষা অসমীয়াৰ লগতে ইংৰাজী,হিন্দী,সংস্কৃত আৰু অসমৰ খিলঞ্জীয়া ভাষাসমূহৰ শিক্ষা ৷ ইংলেণ্ডৰ এজন বিখ্যাত শিক্ষাবিদ কে.চি. টেইলৰৰ তত্বাৱধানত সম্পূৰ্ণ ইংলেণ্ডৰ শিক্ষাব্যৱস্থাৰ আৰ্হিত এই বিদ্যালয়সমূহত পাঠদান কৰা হ’ব ৷ অসমৰ যোৰহাট,বিশ্বনাথ চাৰিআলি,মৰিগাঁও, নগাঁও আৰু বঙাইগাঁৱৰ অভয়াপুৰীত আৰম্ভ হ’ল এই পৰীক্ষামূলক শিক্ষাৰ ৷ অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব বশিষ্ঠ দেৱে সংবাদ মাধ্যমক এই সম্পৰ্কত সম্পূৰ্ণ তথ্য প্ৰদান কৰে ৷ পৰ্যায়ক্ৰমে অসমৰ অন্য ঠাইতো এই শিক্ষাব্যৱস্থা সম্প্ৰসাৰণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে সাহিত্য সভাই৷ মাতৃভাষাৰ দুৰ্যোগৰ সময়ত অসম সাহিত্য সভাৰ এই পদক্ষেপে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৃহস্পতিবাৰে অভয়াপুৰীত জাতীয় আদৰ্শ বিদ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী,প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱাকে ধৰি বহু গন্যমান্য ব্যক্তি ৷
আৰু পঢ়ক : বিদেশী ন্যায়াধীকৰণৰ আদেশ অৱমাননা কৰা শ্বদেশীলৈ গ্ৰেপ্তাৰী পৰোৱানা