ETV Bharat / state

বাসুগাঁও কাণ্ডঃ চিৰাং আছুৰ আন্দোলন ঘোষণা - শ্বহিদ বেদীত কলা ৰং

চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই কলা ৰং সনাৰ প্ৰসংগত দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত অহা ২১ মে'ৰ পৰা চিৰাং জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিব বিভিন্ন গণ বিক্ষোভ কাৰ্যসূচী ৷ লগতে ইয়াৰ পিচতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্তী সময়ত পথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ চিৰাং জিলা ছাত্ৰ সন্থাৰ ৷

বঙাইগাঁৱত চিৰাং জিলা ছাত্ৰ সন্থাৰ আন্দোলন ঘোষণা
author img

By

Published : May 18, 2019, 6:10 PM IST

চিৰাং,18মে': যোৱা ১২ মে'ত চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই শ্বহীদ বেদী আৰু নাম ফলকত ক'লা ৰং সনাৰ প্ৰসংগত শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাবত চিৰাং জিলা ছাত্ৰ সন্থাই সংবাদ মেল সম্বোধন কৰে ৷ এই সংবাদমেলতে আছুৰ চিৰাং জিলা সভাপতি প্ৰাঞ্জল দাস, কেন্দ্ৰীয় সদস্য পাৰ্থজিত ৰায়ে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ দাঙি ধৰে ৷ তেওঁলোকৰ অভিযোগ কৰামতে এই সমগ্ৰ ঘটনাৰ সৈতে বাপ্পা দত্ত আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা উত্তম সাহা নামৰ লোক দুজন জড়িত আছে ৷

বঙাইগাঁৱত চিৰাং জিলা ছাত্ৰ সন্থাৰ আন্দোলন ঘোষণা

বিদেশী ঘোষিত উত্তম শাহাৰ নাম এন আৰ চিৰ ড্ৰাফ্টত অহাক লৈ আছুৱে তীব্ৰ বিৰোধিতা কৰি আহিছিল যাৰ বাবে উত্তম শাহাই আছুক টাৰ্গেট কৰিছে বুলি মন্তব্য সভাপতি প্ৰাঞ্জল দাসৰ ৷ ইপিনে এই ঘটনা সন্দৰ্ভত তিনিজনক ধৰিছিল যদিও থানাৰ পৰাই জামিনত এৰি দিয়ে আৰক্ষীয়ে । সেয়ে দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত অহা ২১ মে'ৰ পৰা চিৰাং জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিব বিভিন্ন গণ বিক্ষোভ কাৰ্যসূচী ৷ লগতে ইয়াৰ পিচতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্তী সময়ত পথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ ছাত্ৰ সন্থাৰ ৷

Intro:বঙাইগাঁও প্ৰেচক্লাৱত সদৌ অসম ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সংবাদ মেল , আন্দোলন ঘোষনা। যোৱা ১২ মে চিৰাং জিলাৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰবৃত্তই শ্বহিদ বেদী আৰু নাম ফলকত কলা ৰং সানিছিল । আজি পাঁচ দিন অতিক্ৰম কৰাৰ পিচতো কোনো এজন দোষীক ধৰিব নোৱাৰিলে আৰক্ষীয়ে। তিনিজনক ধৰিছিল যদিও থানাৰ পৰাই জামিনত এৰি দিয়ে । আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত সংবাদ মেলযোগে আছুৰ চিৰাং জিলা সভাপতি প্ৰাঞ্জল দাস, কেন্দ্ৰীয় সদস‍্য পাৰ্থজিত ৰায়ে কয় যে বাংলাদেশী ৰ দালাল বাপ্পা দত্ত নামৰ লোকজনৰ নেতৃত্বত আৰু ইতিমধ‍্যে বিদেশী ন‍্যায়াধিকৰনে বিদেশী ঘোষনা কৰা উত্তম শাহাৰ নেতৃত্বত এক সভা আহ্বান কৰিছিল । তাৰ পিচতে এই ঘটনা , সংঘটিত কৰিলে । বিদেশী ঘোষিত উত্তম শাহাৰ নাম এন আৰ চিৰ ড্ৰাফ্টত আহিছে । কেনেদৰে এজন বিদেশীৰ নাম এন আৰ চিত আহিল বুলিয়ে অভিযোগ কৰিছিল আছুয়ে । সেয়ে আছুক টাৰ্গেট কৰিছে উত্তম শাহাই । আজিও এই ঘটনাৰ মুল অভিযুক্ত বাপ্পা দত্ত পলাতক আছে । যোৱা পাঁচ দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে।
যি তিনিজনক গ্ৰেপ্তাৰ কৰিছিল সেয়াও মন্ত্ৰী চন্দন ব্ৰহ্মৰ হেচাত এৰিব লগীয়া হৈছে থানাৰ পৰাই । আছুৰ পৰা গৈ মুখ‍্য মন্ত্ৰী হোৱা সৰ্ব্বানন্দ সোনোৱালে আজিও এই বিষয়ে এটা মাতো নামাতিলে বুলিও অভিযোগ কৰে আছুয়ে ।
সেয়ে দোষীক গ্ৰেপ্তাৰৰ দাবীত আহা ২১ মে বাসুগাঁওত গণ বিক্ষোভ,২৬ মে চিৰাং জিলা সদৰত তিনিঘন্টীয়া ধৰ্ণা,২৮ মে চিৰাঙৰ প্ৰতিটো আঞ্চলিকত দহ ঘন্টীয়া অনসন। ইয়াৰ পিচতো জিলা প্ৰশাসনে কোনো ব‍্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্তি সময়ত পথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সমদলেৰে কপাব সমগ্ৰ ৰাজ‍্য।

বাইট : প্ৰাঞ্জল দাস, পাৰ্থজিত ৰায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : প্ৰাঞ্জল দাস, পাৰ্থজিত ৰায় ।

Conclusion: যি তিনিজনক গ্ৰেপ্তাৰ কৰিছিল সেয়াও মন্ত্ৰী চন্দন ব্ৰহ্মৰ হেচাত এৰিব লগীয়া হৈছে থানাৰ পৰাই । আছুৰ পৰা গৈ মুখ‍্য মন্ত্ৰী হোৱা সৰ্ব্বানন্দ সোনোৱালে আজিও এই বিষয়ে এটা মাতো নামাতিলে বুলিও অভিযোগ কৰে আছুয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.