ETV Bharat / state

কৃত্ৰিম বানত স্তব্ধ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ - railway

নেৰানেপেৰা বৰষুণে নিউ বঙাইগাঁও ৰেলৱে কাৰখানাত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ,পানীৰ তলত কোটি টকীয়া যন্ত্ৰ, দুদিন ধৰি কাম কাজ স্থগিত

কৃত্ৰিম বানত স্তব্ধ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ
author img

By

Published : Jul 23, 2019, 3:55 PM IST

চিৰাং, 23 জুলাইঃ দেওবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নিউ বঙাইগাঁও ৰেলৱে কাৰখানাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ বৰ্তমানেও বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে সমগ্ৰ ৰেলৱে চৌহদটো বুৰাই ৰাখিছে যাৰ বাবে দুদিন ধৰি কাম কাজ বন্ধ হৈ আছে ৰেল বিভাগৰ ৷ উল্লেখযোগ্য যে,উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰেল দবা নিৰ্মাণ তথা মেৰামতি কাৰখানা ৰূপে খ্যাত এই ৰেলৱে কাৰখানাটোৰ বহু কোটি টকীয়া যন্ত্ৰ এতিয়াও পানীৰ তলত সোমাই আছে ৷ স্থানীয় সচেতন মহলে ৰেল বিভাগৰ উদাসীনতাৰ বাবেই কাৰখানাটোৰ এই অৱস্থা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ লগতে নলা নৰ্দমা সমূহ পৰিষ্কাৰ নকৰাৰ ফলত বৰষুণৰ পানী ওলাব নোৱাৰা হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলিও অভিযোগ উঠিছে ৷ ইয়াৰোপৰি একাংশই নিউ বঙাইগাঁৱৰ ৰেল ৱৰ্কশ্বপটো বেলেগ ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবেও ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে ৷ এনে প্ৰেক্ষাপটত অসম তথা কেন্দ্ৰীয় চৰকাৰে এই ৰেলৱে কাৰখথানাটো ৰক্ষাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব ।

Intro:ৰেল বিভাগত হাহাকাৰ অৱস্থা ৷ দুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ ৷ বানে হাহাকাৰ কৰিছে ৰেল বিভাগক ৷দুদিন ধৰি কাম কাজ বন্ধ ৰেল বিভাগৰ ৷ পানীৰ তলত ৰেলৰ কোটী টকীয়া মেচিনকে আদি কৰি বহু কাৰখানা ৷কৰ্মচাৰীৰ মাজত হাহাকাৰ ৷
Body:এইবাৰ গুৱাহাটী নহয় কৃত্ৰিম বানপানীত বুৰ গৈছে চিৰাং-বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চল। এয়া বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও স্থিত ৰেলৱে ৱৰ্কশ্বপ ৷ যোৱা দুদিনে বন্ধ হৈ আছে কৃত্ৰিম বানপানীত । ৰেল বিভাগৰ উদাশীনতাৰ ফলতে এই অৱস্থা হৈছে ৰেল ৱৰ্কশ্বপটোৰ । কোটি কোটি টকীয়া যন্ত্ৰপাতি পানী মাজত সোমাই আছে যোৱা দুদিনৰ পৰা ।
উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰেল দবা নিৰ্মান তথা মেৰামতি কাৰখানা এইখন । একাংশই নিউ বঙাইগাঁওৰ এইখন ৰেল ৱৰ্কশ্বপ স্থানান্তৰিত কৰাৰ বিভিন্ন ষড়যন্ত্ৰৰ মাজতে এইবাৰ বিধি পথালি দিছে কৃত্ৰিম বানপানীয়ে । নলা নৰ্দমা সমুহ পৰিষ্কাৰ নকৰাৰ ফলত বৰষুনৰ পানী ওলাব নোৱাৰা হৈ কৃত্ৰিম বান পানীৰ সৃষ্টি হৈছে যাৰ বাবে কালিৰে পৰা সম্পুৰ্ণৰূপে স্থব্দ হৈ পৰিছে ৱৰ্কশ্বপৰ সকলো কাম কাজ ।

বাইট : ৰেল কৰ্মচাৰী ।।

নিউবঙাইগাঁও-ডাংতল ৰেল কলনিকে ধৰি বজাৰ সমাৰ পথ আদিয়ো কৃত্ৰিম বানপানীৰ কবলত । সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতি । Conclusion:ৰেল বিভাগ,অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই খন ৰেল ৱৰ্কশ্বপ ৰক্ষাৰ বাবে বিভিন্ন পক্ষৰ দাবী উত্থানৰ পিচত কি পদক্ষেপ গ্ৰহন কৰে সেয়া নিশ্চয়কৈ লক্ষ্যনীয় হব ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.