ETV Bharat / state

লক ডাউনৰ মাজতে গুৱাহাটীৰ পৰা ১১ জন শ্ৰমিকৰ বঙাইগাঁৱত প্ৰৱেশ - মৈত্ৰী ডেকা

গুৱাহাটীৰ পৰা লক ডাউনৰ মাজতে কিদৰে ওলাই আহিল একেলগে 11জন লোক ৷

bihari eleven people at bongaigaon
লক ডাউনৰ মাজতে গুৱাহাটীৰ পৰা ১১ জন শ্ৰমিকৰ বঙাইগাঁৱত প্ৰৱেশ
author img

By

Published : Apr 21, 2020, 2:18 PM IST

Updated : Apr 21, 2020, 4:22 PM IST

বঙাইগাঁও 21 এপ্ৰিলঃ গুৱাহাটীৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বঙাইগাঁৱত প্ৰৱেশ ১১ জন শ্ৰমিকৰ। গুৱাহাটীৰ টাইগাৰ চিমেন্টৰ কোম্পানীত কাম কৰা মুঠ ৩৫ জন বিহাৰৰ শ্ৰমিকে গুৱাহাটীৰ বৰাগাঁৱত আছিল । বিহাৰৰ খাগৰিয়া জিলাৰ মুৰাৰী সৰ্দাৰ নামৰ ঠিকাদাৰ জনৰ অধিনত কাম কৰা শ্ৰমিক কেইজন লক ডাউন আৰম্ভ হোৱাৰে পৰা টাইগাৰ চিমেন্ট কোম্পানী আৰু ঠিকাদাৰৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই বুলি জনায় । তেওঁলোকৰ খাদ্য সামগ্ৰী শেষ হোৱাৰ পিচত উপায়ান্তৰ হৈ গুৱাহাটী এৰি আহিবলগীয়া হয় ৷ গুৱাহাটী চহৰৰ মাজমজিয়াৰ পৰা ১১ জনকৈ শ্ৰমিকে কিদৰে লক ডাউনৰ মাজতে ওলাই আহিল খোজকাঢ়ি ।

bihari eleven people at bongaigaon
লক ডাউনৰ মাজতে গুৱাহাটীৰ পৰা ১১ জন শ্ৰমিকৰ বঙাইগাঁৱত প্ৰৱেশ

শ্ৰমিক কেইজন খোজকাঢি আহোতে বাটতে ডব্লিউ বি ৬৪চি_১০৩৫ নম্বৰৰ ট্ৰাকেৰে আহি বঙাইগাঁও জিলাৰ ৰাখালডুবিত উপস্থিত হয় ৷ বাটত আৰক্ষীৰ চেকিং দেখি ট্ৰাকৰ পৰা নমাই দি ট্ৰাকখনে শ্ৰীৰামপুৰৰ পিনে পলায়ন কৰে আটাইকেইজন শ্ৰমিক বিহাৰৰ ভাগলপুৰ জিলাৰ বুলি জনায়। শ্ৰমিক কেইজন ক্ৰমে পিন্টু যাদৱ,ধৰ্মেন্দৰ পাছৱান,সুবল পাচৱান,বিনয় পাচৱান,সুবোধ পাচৱান,শিকাৰী যাদৱ,নিতেশ কুমাৰ,অজিত পাচৱান,কানহাইয়া কুমাৰ,জয় যাদৱ,সঞ্জয় পাচৱান ।

ইপিনে শ্ৰমিক কেইজন ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি আহি আহি চিৰাং জিলাত প্ৰৱেশ কৰিবলৈ লয় যদিও চিৰাং আৰক্ষীয়ে বাধা দিয়ে । পিছত শ্ৰমিক কেইজন বঙাইগাঁও জিলাৰ কিষান বজাৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা অৱস্থাত বঙাইগাঁও জিলা সদৰ উপ আৰক্ষী অধিক্ষক মৈত্ৰী ডেকা আৰু বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে শ্ৰমিক কেইজনক লৈ যায় ।

লগতে পঢকঃ লক ডাউনৰ বাবে ধেমাজিত কৃষকৰ হাহাকাৰ অৱস্থা

Last Updated : Apr 21, 2020, 4:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.