বৰপেটা, 2 মে' : বঙাইগাঁৱৰ কৰ'ণা আক্ৰান্ত মীনা বিশ্বকৰ্মাৰ সংস্পৰ্শলৈ অহা সৰভোগৰ 6 জন লোকৰ এজনৰো শৰীৰত নাই কোভিড-19 ৷ কোৱাৰেন্টাইত থকা আটাইকেইগৰাকী লোকৰ পৰীক্ষাত কৰ'ণাৰ ফলাফল নিগেটিভ পোৱা গৈছে ৷
উল্লেখযোগ্য যে, বঙাইগাঁৱৰ মীনা বিশ্বকৰ্মা নামৰ কৰ'ণা আক্ৰান্ত মহিলাগৰাকী সোমবাৰে আহিছিল বৰপেটাৰ সৰভোগলৈ ৷ সৰভোগৰ 2 নং ৱাৰ্ডৰ ৰে'লৱে কলনীৰ শিবু দে'ৰ ঘৰত বহু সময় কটাইছিল মহিলাগৰাকীয়ে ৷ আনকি পৰিয়ালটিৰ কনমানি শিশুটিৰ সৈতেও কটাইছিল বহু অন্তৰংগ মুহুৰ্ত ৷ মীনা বিশ্বকৰ্মা কৰ'ণাত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে হাহাকাৰ লাগে সৰভোগত ৷ লগে-লগে বৰপেটা জিলা প্ৰশাসনে শিবু দে'ৰ লগতে তেওৰ পত্নী দূৰ্গা ছেত্ৰী আৰু কনমানি সুস্মিতা দে'ক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে ৷
আনহাতে মীনা বিশ্বকৰ্মাই সৰভোগত উপস্থিত হৈ ষ্টেট বেংকৰ পৰা ধন উলিওৱাৰ সময়ত মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা দুই বেংক বিষয়া নাৰায়ন চন্দ্ৰ পাঠক আৰু সহকাৰী প্ৰৱন্ধক চান্থালা বিৰ লগতে চান্থালাৰ পত্নীকো কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হয় ৷ সম্প্ৰতি কোৱাৰেন্টাইনত থকা সৰভোগৰ উক্ত ৬ গৰাকী লোকৰ সকলো পৰীক্ষাত কভিড-19 ৰ ফলাফল নিগেটিভ পোৱা গৈছে ৷
লগতে পঢ়ক : বহিঃ ৰাজ্যৰ পৰা অহা 2000 লোকক কোৱাৰেণ্টাইনৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন