উত্তৰ অভয়াপুৰী,14 মে’: সোমবাৰে নিশা হৈ যোৱা প্ৰচণ্ড ধুমুহাৰ ফলত উত্তৰ অভয়াপুৰীৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰীৰ জহুৰ উদ্দিন শিকদাৰৰ পুত্ৰ আব্দুল হাইৰ ২০ বিঘা কল খেতিৰ বিস্তৰ ক্ষতি সাধন হোৱাত মুৰে কপালে হাত দিছে কৃষক জনে । অতি কষ্ট কৰি কৃষকজনে শিলঘাগৰী আৰু শামুকামাৰীত ২০ বিঘা কল খেতি কৰিছিল যদিওঁ বিধ্বংসী ধুমুহাই সকলো তচনচ কৰিছে । ঋণ লৈ কেইবালাখ টকা খৰচ কৰি কৃষকজনে লাভৱান হোৱাৰ আশাৰে কলখেতি কৰিছে যদিওঁ কলবোৰ প্ৰায় বিক্ৰী কৰিবৰ সময়ত ধুমুহাই কলডিল তথা কলথুক থকা প্ৰায় সকলোবোৰ কলগছ ভাঙি পেলায় ।
লগতে পঢ়ক: ৰোজা ভাঙি হিন্দু মহিলাক জীৱন দান কৰা দুজন যুৱক
যাৰ ফলত কৃষকজনে অসহায় হৈ পৰিছে । ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খেতিয়কজন চৰকাৰী ভাবে সহায় কৰিবলৈ দাবী জনাইছে কৃষকৰ লগতে ৰাইজে ।