বঙাইগাঁও, 12 অক্টোবৰ: বঙাইগাঁৱত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ড্ৰাগছ আৰু ধপাত জাতীয় সামগ্ৰীক লৈ সজাগতা অনুষ্ঠান ৷ বঙাইগাঁও চহৰৰ কৃষ্টি বিকাশ কেন্দ্ৰত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতি আৰু জিলা সদৰ আঞ্চলিক সমিতিয়ে এই সজাগতা কাৰ্যসূচী হাতত লয় ৷ এই সজাগতা সভাত গৰীয়া মৰীয়াৰ কেইবাজনো কেন্দ্ৰীয় নেতৃত্বৰ বিষয়বৱীয়াৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়বৱীয়াসকল উপস্থিত থাকে ।
গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ জিলা সভাপতিগৰাকীয়ে উল্লেখ কৰে যে ড্ৰাগছ আৰু ধপাত জাতীয় নিচা মুক্ত যুৱ সমাজ গঢ় দিয়াৰ বাবে পৰিষদে গাঁৱে ভূঞে সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে ৷ পৰিষদৰ বিষয়বৱীয়াসকলে কয় যে ড্ৰাগছ আৰু ধপাত জাতীয় সামগ্ৰীয় নিচাত পৰি ধ্বংশৰ পথলৈ গতি কৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাটো সমাজৰ প্ৰতিজন লোকৰ কৰ্তব্য । সেয়ে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে আয়োজন কৰা এই সজাগতা অনুষ্ঠানসমূহত সংগঠনটোৱে সকলো ফালৰ সহযোগিতাৰ আহ্বান জনাইছে ৷
লগতে পঢ়ক: অসমৰে এজন হৃদয়হীন পিতৃৰ অমানৱীয় কাণ্ড