ETV Bharat / state

এগৰাকী নাৰ্চেৰে চলিছে উত্তৰ অভয়াপুৰীৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Jun 30, 2021, 6:37 PM IST

উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ লোকৰ চিকিৎসাৰ একমাত্ৰ আশা এটা মাত্ৰ উপ স্বাস্থ্য কেন্দ্ৰ । বৰ্তমান মাত্ৰ এগৰাকী নাৰ্চে চলাই আছে কেন্দ্ৰটো ৷

attention-health-minister
স্বাস্থ্যমন্ত্ৰী মহোদয় সমীপেষু

বঙাইগাঁও, 30 জুন : দেশত ক’ৰণাই মহামাৰী ৰূপ ধাৰণ কৰি জনসাধাৰণক কোঙা কৰি পেলোৱা সময়তে, অসমৰ স্বাস্থ্য বিভাগৰ এক পঁয়ালগা ছবি পোহৰলৈ আহিছে । বিজেপি (BJP)চৰকাৰে স্বাস্থ্য বিভাগৰ আমুল পৰিৱৰ্তনৰ নগ্ন ছবি দাঙি ধৰিছে বঙাইগাঁও (Bongaigaon) জিলাৰ উত্তৰ অভয়াপুৰীৰ এটা উপ স্বাস্থ্য কেন্দ্ৰই ৷ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত ৩ নং জামদহাত চৰকাৰে ১৯৮৮ চনতে প্ৰায় ছবিঘা মাটি আৱন্টন দি উপ স্বাস্থ্য কেন্দ্ৰটো স্বীকৃতি দিছিল । কিন্তু পৰিতাপৰ কথা যে, আজি পৰ্যন্ত নিৰ্মাণ কৰা নহ’ল উপ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসালয়গৃহ ।

স্বাস্থ্যমন্ত্ৰী মহোদয় সমীপেষু

উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ লোকৰ চিকিৎসাৰ একমাত্ৰ আশা এই উপ স্বাস্থ্য কেন্দ্ৰটো । কিন্তু বৰ্তমান মাত্ৰ এগৰাকী নাৰ্চেৰে চলি আছে কেন্দ্ৰটো ৷ নাই ডাক্তৰ, নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ । গৰ্ভৱতী মহিলাৰ চিকিৎসাৰো কোনো সঁজুলি নাই এই উপ স্বাস্থ্য কেন্দ্ৰটোত ।

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ড (Health Department)ত আমুল পৰিৱৰ্তন কৰাৰ ঢাকঢোল বজাই আহিছে যদিও বাস্তৱত এয়া অসাৰহে প্ৰতিপন্ন হৈছে । বহু আবেদন নিবেদন কৰিও সুফল পোৱা নাই স্থানীয় ৰাইজে । সেয়ে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta)ক চিকিৎসালয়ৰ বাবে এটা গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি এজন চিকিৎসকক নিযুক্তি দি ৰাইজক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ আহ্বান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.