ETV Bharat / state

ৰাজ্য কঁপোৱা SI কাণ্ডৰ নথি-পত্ৰ ৰখা গুদামত অগ্নিকাণ্ড

author img

By

Published : Oct 12, 2020, 6:14 PM IST

ৰাজ্য কঁপোৱা SI কাণ্ডৰ নথি-পত্ৰ ৰখা গুদামত অগ্নিসংযোগ ৷ দুটাকৈ গুদামত অগ্নিসংযোগ হোৱাত বহু কোটি টকাৰ ক্ষয়-ক্ষতি হয় ৷

দুটাকৈ গুদামত অগ্নিসংযোগ
SI কাণ্ডৰ নথি-পত্ৰ ৰখা গুদামত অগ্নিকাণ্ড

বঙাইগাঁও,12 অক্টোবৰ : ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হ'ল ৰাজ্য কঁপোৱা SI কাণ্ডৰ নথি-পত্ৰ ৰখা গুদাম ৷ দেওবাৰে পুৱাৰ ভাগত SI নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অক্ষয় চান্দ বৈদৰ ভাই বোৱাৰীৰ নামত থকা গুদামত অগ্নিকাণ্ড সংঘটিত হয় ৷ উত্তৰ বঙাইগাঁও ছাপাগুৰি ৰোডত থকা দুটাকৈ গুদামঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বহু কোটিৰ টকাৰ ক্ষয়-ক্ষতি হয় ৷

এই ঘটনাৰ পাচতে কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন নথি-পত্ৰ জ্বলাই দিয়াৰ বাবে অগ্নিসংযোগ কৰা হৈছে বুলি দাবী কৰিছে বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে ৷ বঙাইগাঁও জিলা কৃষক মুক্তিৰ সম্পাদক নন্দন দেৱ নাথ, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সম্পাদক হাছিবুল হক আৰু বঙাইগাঁও শিল্পী সমাজৰ সভাপতি দিপক দাসে দাবী কৰে যে, অসম আৰক্ষীৰ নিযুক্তিৰ বাবে প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অক্ষয় চান্দ বৈদৰ ঘৰত নিশা চি আই ডিৰ অভিযানৰ পাচতে এই অগ্নিকাণ্ড সংঘটিত কৰা হৈছে ৷ চি আই ডিৰ হাতত পৰাৰ পূৰ্বেই নথি-পত্ৰ জ্বলাই দিয়া হৈছে বুলি দল-সংগঠন সমূহে অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, যোৱা নিশা চি আই ডিয়ে অভিযান চলাই অক্ষয় চান্দ বৈদৰ ঘৰত কিছু গুৰুত্বপূৰ্ণ নথি জব্দ কৰা বুলি জনাইছিল চি আই ডিয়ে । ইয়াৰ পাচতে পুৱতি নিশা অক্ষয় চান্দৰ ভাতৃ নিৰ্মল চান্দ বৈদৰ পত্নীৰ নামত থকা উত্তৰ বঙাইগাঁওস্থিত মটৰ পাৰ্টচ আৰু আৰু আইটিচি চিগাৰেটৰ গুদামত ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হয় ।

ইফালে এই গুদামঘৰৰ সৈতে অক্ষয় চান্দৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে গুদাম ঘৰৰ আন এজন গৰাকী ৰাজু কোঠাৰীয়ে ৷ কোঠাৰীয়ে কয় যে, তেওঁৰ পত্নী আপু অক্ষয় চান্দৰ ভাই বোৱাৰীৰ নামত গুদাম ঘৰকেইটা আছে যদিও অগ্নি সংযোগ কৰাত কোনো ষড়যন্ত্ৰ নাই ৷

উল্লেখ্য যে, দেওবাৰে পুৱা 4 বজাত বঙাইগাঁও সদৰ চহৰৰ ছাপাগুৰি ৰোডৰ উত্তৰ বঙাইগাঁৱত অক্ষয় চান্দৰ ভাই বোৱাৰীৰ নামত থকা গুদাম ঘৰ এটাত জুই লাগি ভয়ংকৰ ৰূপ ধাৰণ কৰে । নিশা অগ্নি নিৰ্বাপক বাহিনীৰ 9 খনকৈ গাড়ীয়ে দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ।

লগতে পঢ়ক : নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.