ETV Bharat / state

Assam Police Friendly football match: বঙাইগাঁৱত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা - Friendly football match between Bongaigaon Police

সোমবাৰে বঙাইগাঁও জিলা আৰক্ষীৰ উদ্যোগত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা এখন অনুষ্ঠিত হয় (Assam Police football match in Bongaigaon) । খেলখনত বঙাইগাঁও সদৰ থানাই মাণিকপুৰ আৰক্ষী থানাক ৫:১ গ’লৰ ব্যৱধানত পৰাজিত কৰে (Friendly football match between Bongaigaon Police) ।

Assam Police Friendly football match between Bongaigaon Police and Manikpur police in Bongaigaon
বঙাইগাঁৱত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা
author img

By

Published : Jul 25, 2022, 10:20 PM IST

বঙাইগাঁও, 25 জুলাই: সোমবাৰে বঙাইগাঁও জিলা আৰক্ষীৰ উদ্যোগত মাণিকপুৰ ক্ৰীড়া সন্থাৰ সহযোগত মাণিকপুৰৰ বৰবিলা ৰশ্মি সংঘ খেলপথাৰত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা এখন অনুষ্ঠিত হয় (Assam Police football match in Bongaigaon) । জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই (SP Swapnaneel Deka) উদ্বোধন কৰা খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’ (IGP Dilip Kumar Dey) ।

খেলখনত বঙাইগাঁও সদৰ থানাই মাণিকপুৰ আৰক্ষী থানাক ৫:১ গ’লৰ ব্যৱধানত পৰাজিত কৰে (Friendly football match) । আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’য়ে এই খেল উপভোগ কৰি অসম চৰকাৰৰ এক নিৰ্দেশ মৰ্মে অসমৰ প্ৰত্যেক জিলাতে আৰক্ষী অধীক্ষকৰ জৰিয়তে এখনকৈ প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জানিব দিয়ে ।

বঙাইগাঁৱত আন্তঃথানা প্ৰীতি ফুটবল প্ৰতিযোগিতা

গাঁও বা নগৰ সমূহত প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰা, অসম আৰক্ষীৰ মাজত থকা খেলুৱৈ সকলক উৎসাহ উদগনি জগোৱাৰ উদ্দেশ্যৰে এই খেলৰ আয়োজন কৰা বুলি মন্তব্য কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷ লগতে এই খেলৰ জৰিয়তে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ পোষকতা কৰে আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’য়ে ।

এই ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া হ’লে সমাজৰ পৰা বহু সংস্কাৰ, অপৰাধ দূৰ হোৱাৰ উপৰিও প্ৰসাশন আৰু ৰাইজৰ মাজত ভাতৃত্ববোধ শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷ প্ৰীতি খেলখন জিলাখনৰ আৰক্ষীৰ লগতে সহস্ৰাধিক ৰাইজে উপভোগ কৰে ।

লগতে পঢ়ক: Summer workshop in Hojai : হোজাইত শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.