ETV Bharat / state

সাংবাদিক দেখি পলায়ন আৰক্ষীৰ! কিন্তু কিয়? - etv assam

আৰক্ষীৰ গাফিলতিৰ বাবে সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰাৰ অভিযোগ ৷ সাংবাদিকৰ মুখামুখি হ'বলৈ সাহস নহ'ল আৰক্ষীৰ ৷

সাংবাদিক দেখি পলায়ন আৰক্ষীৰ! কিন্তু কিয়?
author img

By

Published : May 27, 2019, 7:33 PM IST

মানিকপুৰ, 27 মেঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সীমান্ত আৰক্ষীৰ চৰম গাফিলতিৰ ফলত সোমবাৰে এজন সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰাৰ অভিযোগ। তথ্য অনুসৰি সোমবাৰে পুৱা মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীয়ে মাণিকপুৰ থানাৰ অন্তৰ্গত ২নং দেওটাৰীৰ পৰা জয়নাল আব্দিন নামৰ এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰি মাণিকপুৰ থানালৈ আনে।

সাংবাদিক দেখি পলায়ন আৰক্ষীৰ! কিন্তু কিয়?

কিন্তু পৰৱৰ্তী সময়ত মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ চাহেব আলীৰ সহযোগত জয়নালক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও সীমান্ত আৰক্ষী দুজনৰ চকুত ধূলি দি চিকিৎসালয়ত হোৱা ভিৰৰ সুবিধা লৈ পলায়ন কৰে জয়নালে।

জয়নালৰ পলায়নৰ খবৰ পোৱা মাত্ৰকে সাংবাদিকৰ দল এটাই মাণিকপুৰ আৰক্ষী থানাত উপস্থিত হৈ কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ চাহেব আলীৰ পৰা ঘটনা সন্দৰ্ভত মন্তব্য বিচাৰে যদিও মন্তব্য দিয়াৰ পৰা ফালৰি কাটি দুয়োগৰাকী আৰক্ষীয়ে বাইক লৈ থানা চৌহদৰ পৰা আতৰি যায়।

Intro: মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীৰ চৰম গাফিলতি। সীমান্ত আৰক্ষীৰ কৱলৰ পৰা পলায়ন অবৈধ বাংলাদেশীৰ।সাংবাদিক দেখি পলায়ন আৰক্ষীৰ। Body:বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সীমান্ত আৰক্ষীৰ চৰম গাফিলতিৰ ফলত আজি এজন সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰে। জিলাখনৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২ নং দেওটাৰীৰ পৰা আজি ৰাতিপুৱা মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীয়ে জয়নাল আব্দিন নামৰ এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰি মানিকপুৰ থানালৈ আনে। পিছত শ্ৰীমল ৰায়(constable) আৰু শাহেব আলী (হাবিলদাৰ) ৰ সহযোগত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কিন্ত সন্দেহযুক্ত বাংলাদেশী জনে সীমান্ত আৰক্ষী দুজনৰ চকুত ধুলি দি চিকিৎসালয়ত হোৱা ভিৰৰ সুবিধা লৈ পলায়ন কৰে। তাৰ পিছতে খবৰ পোৱা মাত্ৰকে সাংবাদিকৰ দল মাণিকপুৰ আৰক্ষী থানাত উপস্থিত হৈ constable শ্ৰীমল ৰায় আৰু হাবিলদাৰ শাহেব আলীৰ পৰা ঘটনা সন্দৰ্ভত মন্তব্য বিচাৰে যদিও মন্তব্য দিয়াৰ পৰা ফালৰি কাটি দুয়োগৰাকী আৰক্ষীয়ে বাইক লৈ থানা চৌহদৰ পৰা আঁতৰি যায়।Conclusion:সীমান্ত আৰক্ষীৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.