বঙাইগাঁও, 24 মাৰ্চঃ যোগীঘোপাৰ চলন্তাপাৰাত 31 নং ( খ) ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী দুখন ডাম্পাৰৰ মাজত সংঘটিত হয় মুখামুখিসংঘৰ্ষ । ফলত ডাম্পাৰ দুখনৰ ভিতৰতেই আৱদ্ধ হৈ পৰে আঘাতপ্ৰাপ্ত চালক দুজন । জানিব পৰা মতে WB 65 A 8004 আৰু AS 15 C 9662 নম্বৰৰ এখন শিল কঢ়িওৱা আৰু এখন খালী ডাম্পাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷
ডাম্পাৰ দুখনৰ চালক সহ মুঠ 6 জন শ্ৰমিক গুৰুতৰভাবে আহত হয় দুৰ্ঘটনাত । আহত 4 জনক লগে লগে স্থানীয় লোকৰ সহযোগত যোগীঘোপা আৰক্ষীয়ে উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চালকদ্বয় গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে ।
স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে তিনি ঘন্টাযোৰা অভিযান চলোৱাৰ অন্তত অৱশেষত চালকদ্বয়ক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে শ শ বাহন আৱদ্ধ হৈ পৰে ।