ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব এইড্ছ দিৱস উৎযাপন - সজাগতামুলক বাইক ৰেলী উলিয়াই অভয়াপুৰীত

চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সহিতে ছাত্ৰ-ছাত্ৰীসকলৰ সজাগতামূলক পদযাত্ৰা ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী সজাগতামুলক বাইক ৰেলী উলিয়াই ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু ইউনিভাৰ্ছ বাইকাৰ্ছ ক্লাৱৰ সদস্যসকলে ৷ চিৰাঙতো বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰে স্থানীয় ৰাইজে ৷

ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ
ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন বিশ্ব এইড্ছ দিৱস
author img

By

Published : Dec 1, 2019, 10:41 PM IST

গুৱাহাটী, 1 ডিচেম্বৰ: আজি বিশ্ব এইড্ছ দিৱস উপলক্ষে মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত আয়োজিত হয় এক বিশেষ অনুষ্ঠান ৷ এইড্ছ সম্পৰ্কে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে চিকিৎসক সহিতে ছাত্ৰ-ছাত্ৰীসকলে, মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা জালুকবাৰীলৈ এক পদযাত্ৰা বাহিৰ কৰে ৷সজাগতামূলক পদযাত্ৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে, জালুকবাৰীত এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷

এইড্ছৰ ভয়াৱহতা সম্পৰ্কীয় সচেতনতাক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা হয় বাটৰ নাটখন ৷

জালুকবাৰীত প্ৰদৰ্শন কৰে নাটখন
এইড্ছ সম্পৰ্কীয় সচেতনতাক কেন্দ্ৰ কৰি বাটৰ নাট প্ৰদৰ্শন
বিশ্ব এইড্ছ দিৱস উপলক্ষে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাটৰ নাট প্ৰদৰ্শন

আনফালে বঙাইগাঁৱতো বিভিন্ন ঠাইত বিশ্ব এইড্ছ দিৱস উপলক্ষে দেখা গ'ল সজাগতামূলক অনুষ্ঠান ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু ইউনিভাৰ্ছ বাইকাৰ্ছ ক্লাৱৰ সদস্যসকলে আজি এক সজাগতামুলক বাইক ৰেলী বাহিৰ কৰে অভয়াপুৰীত ৷

এইড্ছ আক্ৰান্ত লোকক ঘৃণাৰ পৰিৱৰ্তে সমাজৰ এজন সাধাৰণ লোক হিচাপে গণ্য কৰিবলৈ আহ্বান জনায় ৰাইজক ৷ ইয়াৰোপৰি চিৰাং জিলাৰো বিভিন্ন ঠাইত বিশ্ব এইড্ছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় ৰাইজে ৷ এনেদৰে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব এইড্ছ দিৱস উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান ৷

বঙাইগাঁও জিলাতো পালন বিশ্ব এইড্ছ দিৱস
অভয়াপুৰী মহাবিদ্যালয়ৰ পৰা উলিয়াই বাইক ৰেলী
বঙাইগাঁৱৰ অভয়াপুৰী বিশ্ব এইড্ছ দিৱস উপলক্ষে সজাগতামূলক অনুষ্ঠান

লগতে পঢ়ক: বিশ্বনাথত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ

Intro:আজি বিশ্ব এইডছ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পালন কৰা হৈছিল এই দিৱস। জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উপলক্ষে অনুষ্ঠিত হয় বিশেষ অনুষ্ঠানৰ। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চিকিৎসক, ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা জালুকবাৰীলৈ এক পদযাত্ৰা বাহিৰ কৰা হয়। এই সজাগতামূলক পদযাত্ৰাৰ পিছত জালুকবাৰীত এখনি বাটৰ বাট প্ৰদৰ্শন কৰে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ভয়াৱহ এইডছ ৰোগৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰদৰ্শন কৰা হয় এই বাটৰ নাট।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.