ETV Bharat / state

CAA, EIA ৰ বিৰোধিতাৰে উত্তাল ৰাজ্য

EIA বাতিলৰ লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে দিয়া প্ৰতিবেদন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

author img

By

Published : Oct 5, 2020, 10:43 PM IST

protest
protest

ধেমাজি , 5 অক্টোবৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা , EIA বাতিলৰ লগতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে দিয়া প্ৰতিবেদন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে ধেমাজি আৰক্ষী থানাৰ সন্মুখত দীৰ্ঘসময় ধৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

protest
ধেমাজি প্ৰতিবাদ

চিৰাংঃ অন্য জিলাসমূহৰ সমান্তৰালকৈ চিৰাং জিলাৰ সদৰ কাজলগাৱঁত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন(CAA) আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা(EIA)২০২০ বাতিলৰ দাবীত এক মানৱ শৃখল কাৰ্য্যসূচী ৰূপায়ণ কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে বিটিচি নিৰ্বাচনৰ লগতে আগন্তক অসম বিধানসভা নিৰ্বাচনত বিজেপিক উৎক্ষাত কৰিব বুলি হুংকাৰ দিয়ে ।

protest
চিৰাং প্ৰতিবাদ

গোলাঘাটঃ ইফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইন, পৰিৱেশ প্ৰভাৱ নিৰূপণ আইন (EIA )২০২০ ৰ লগতে তিনিখন কৃষি আইন বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গোলাঘাট নগৰৰ মাজমজিয়াত বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল লাজ নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ।

protest
গোলাঘাট প্ৰতিবাদ

ডিফুঃ 'CAA', "EIA", বাতিলকে আৰম্ভ কৰি অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰণৰ লগতে বাঘজানৰ জুইত ক্ষতিগ্ৰস্থ সকলক ক্ষতিপূৰণ দিয়াৰ স্বাৰ্থত সোমবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত আছু সহ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ নেতা সদস্য সকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ৷ আছুৰ ডিফু আঞ্চলিকৰ জননেতা প্ৰয়াত ছেমছনছিং ইংতি মেমৰিয়েলৰ পাৰ্কৰ সন্মূখত আয়োজন কৰা মানৱ শৃংখল কাৰ্যসূচীত আছুৰ জিলা উপ-সভাপতি শ্যামন্ত গগৈ, সাধাৰণ সম্পাদক চৰ্জোন হাঞ্চে, ডিফু আঞ্চলিকৰ সভাপতি নেকিব আহমেদ আৰু সম্পাদক এলভিন ৰংপিয়ে অংশগ্ৰহণ কৰে ৷

protest
ডিফু প্ৰতিবাদ

লগতে পঢ়ক : ৰাজনীতিলৈ সাংবাদিকঃ ভোট যুদ্ধত নমাৰ মন কেইবাজনৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.