বঙাইগাঁও, ১৯ আগষ্ট: বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত আই নদীৰ ভয়ংকৰ খহনীয়া অব্যাহত । কেইবাখন গাঁৱৰ ঘৰ দুৱাৰ ভেটি মাটি নদীত জাহ যোৱাৰ পিছত কীৰ্ত্তনপাৰা ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথটোৰ ২নং বাশবাৰীত গৰাখহনীয়াৰ কবলত পৰিছে । ইতিপূৰ্বে জি অ' বেগৰ বান্ধ নিৰ্মাণ কৰি পথটো ৰক্ষা কৰিবলৈ যি ব্যৱস্থা লোৱা হৈছিল সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । কোনো ধৰণৰ কাৰিকৰী নিৰীক্ষণ নোহোৱাকৈ কাম কৰিলে সেই কামে যে স্থায়ী সমাধান দিব নোৱাৰে তাকেই প্ৰমান কৰিলে ।
গৰাখহনীয়াৰ ৰোধ কৰাৰ বাবে যি জি অ' বেগেৰে নদীৰ গতি বেগ সলনি কৰাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা সঠিকভাৱে ব্যৱহাৰ নোহোৱা বাবেই গৰাখহনীয়াই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । যোৱা দশকত এই ২ নং বাশবাৰীত ২৫০ টা পৰিয়াল গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে । তেওঁলোকে ৰাস্তাৰ দাঁতিত সহৱস্থান কৰিব লগা হৈছে । ইতিমধ্য়ে অসমৰ মানচিত্ৰৰ পৰা গাঁৱখন নোহোৱা হৈ গৈছে ।
এইবেলিও সেই একেই অৱস্থাৰ উপক্ৰম হৈছে । জি অ' বেগৰ বান্ধ এতিয়া নদীৰ খহনীয়াৰ কবলত পৰিছে । যাৰ বাবে যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰিছে । গাড়ী মটৰৰ চলাচল বন্ধ হৈ পৰাত ৰাইজে বিভিন্ন সমস্য়াৰ সন্মুখীন হৈছে । সেয়েহে ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ক্ষুব্ধ ৰাইজে নিজে ৰাস্তাৰ কাম আৰম্ভ কৰিছে ।
ইপিনে, জিলাখনৰ মাণিকপুৰৰ ভাণ্ডাৰাত আই নৈৰ প্ৰৱল খহনীয়াত দিশহাৰা হৈছে কৃষক ৷ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১, ৪, ৫ ,৬ নং ভাণ্ডাৰা আৰু ৬ নং জামদহাত আই নৈৰ খহনীয়াই সৰ্বস্বান্ত কৰিছে কৃষকক ৷ খহনীয়াই কালৰূপ লোৱাত বিঘাই বিঘাই মৰাপাটৰ খেতি উছন হৈছে নৈৰ বুকুত ৷স্থানীয় ৰাইজে জনপ্ৰতিনিধিক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিছতো একো ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ৷ সেয়ে প্ৰশাসন আৰু চৰকাৰক ইয়াৰ বিহীত ব্যৱস্থা ল’বলৈ ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক:Ro-Pax Ferry Service: এমাহ ধৰি বন্ধ ৰাণী গাইডিলুং ৰ'পেক্স জাহাজ