ETV Bharat / state

অসমৰ স্বাৰ্থত আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ অগপ - আঞ্চলিকতাবাদ

ভাল পদবীৰ আশাত বিজেপিলৈ যোৱা সকল আশাহত হৈ পুনৰ ঘুৰি আহিব বিচাৰিছে অগপলৈ - প্ৰফুল্ল মহন্ত ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ নতুন প্ৰয়াস অগপৰ
author img

By

Published : Oct 14, 2019, 9:53 PM IST

Updated : Oct 15, 2019, 2:21 PM IST

নিউজ ডেক্স , 14 অক্টোবৰঃ সোমবাৰে অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলে 35 বছৰত ভৰি দিলে ৷ অভয়াপুৰীত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বহু লোকে অগপত যোগদান কৰাৰ লগতে কংগ্ৰেছৰ পৰা পুনৰ অগপলৈ ঘুৰি আহিল প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মা ৷

অতুল বৰা- "অগপৰ ইতিহাস ঘাট- প্ৰতিঘাটৰ ইতিহাস ৷ ৰাইজৰ সহাঁৰিয়ে 14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা সদস্য ভৰ্তি কাৰ্যসূচীৰ সময়সীমা বৃদ্ধি কৰিবলৈ উৎসাহ দিছে ৷ যিবোৰ উদ্দেশ্য লৈ দলটোৱে জন্মলাভ কৰিছিল, সেই সমূহ লক্ষ্যত দলটো উপনীত হ'ব পৰা নাই ৷ কিন্তু দলৰ লক্ষ্য বা আন্দোলনটোৰ লক্ষ্যসমূহত উপনীত হ'বলৈ হ'লে কেন্দ্ৰীয় চৰকাৰৰ সহায় লাগিব ৷ বৰ্তমান দলৰ মাজত কোনো মতানৈক্য নাই ৷ নতুনকৈ আৰু বহু সদস্যই দলত যোগদান কৰিব ৷ বিজেপি দলৰ পৰা নতুন সদস্যই অগপত যোগদান কৰাটো নিবিচাৰো ৷ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিপিএফৰ লগত অনানুষ্ঠানিকভাৱে আলোচনা হৈছে ৷ অতি সোনকালেই গঠন হ'ব অগপৰ ছাত্ৰ সংগঠন ৷"

কেশৱ মহন্ত- "অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত আঞ্চলিকতাবাদ তথা অগপ দলক পুনৰ উজ্জীৱিত কৰক অসমবাসী ৰাইজে ৷"

কুমাৰ দীপক দাস- "35 বছৰীয়া অভিজ্ঞতাৰে অগপ দলে অসমৰ স্বাৰ্থত এক নতুন প্ৰয়াসেৰে আগবাঢ়িব বিচাৰিছে ৷ বহু নতুন সদস্যৰ যোগদানে এই কথাই প্ৰমাণ কৰে যে অসমত আঞ্চলিকতাবাদৰ পতাকা বহু দিনলৈ উৰি থাকিব ৷"

ফণীভূষণ চৌধুৰী- "অসমবাসীয়ে অগপৰ সমৰ্থত ওলাই আহিলেহে অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব ৷"

প্ৰফুল্ল মহন্ত- "চৰকাৰ গঠনৰ পাছত একো প্ৰতিশ্ৰুতিয়েই পালন নকৰিলে বিজেপিয়ে ৷ বাংলাদেশী খেদিবলৈ ওলোৱা চৰকাৰে ওলোটাই বাংলাদেশীক নাগৰিকত্ব দিবলৈহে ওলাল ৷ বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিকভাৱেও ক্ষতিগ্ৰস্ত হৈছে ৷ ডাঙৰ পদ বিচাৰি বিজেপিলৈ যোৱা বহুতেই এতিয়া হতাশ হৈ অগপলৈ ঘুৰি আহিব বিচাৰিছে ৷"

জয়ননাথ শৰ্মা- "অমনক শক্তিশালী কৰা আমাৰ উদ্দেশ্য ৷ এই উদ্দেশ্য কেতিয়াও সলনি নহয় ৷ অসম শক্তিশালী হ'লেহে দেশ শক্তিশালী হ'ব ৷ অসমৰ বাবে কাম কৰিবলৈ আজি নিজৰ দেশলৈ ঘূৰি আহিলো ৷ ৰাষ্ট্ৰীয়তাবাদক মই সমৰ্থন কৰো ৷ কংগ্ৰেছে মোক অৱহেলা কৰা নাছিল ৷ কিন্তু অসমৰ সত্তা লোপ পোৱাৰ শংকাত মই এই সিদ্ধান্ত গ্ৰহণ কৰিলো ৷"

লগতে পঢ়কঃৰাম জন্মভূমিত জাৰি সান্ধ্য আইন

Last Updated : Oct 15, 2019, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.