ETV Bharat / state

অন্ধবিশ্বাসঃ সৰ্পদংশনত মৃত যুৱতীক লৈ জৰাফুঁকা বেজৰ

যোগীঘোপাত সৰ্পদংশনৰ ঘটনা । চিকিৎসকে মৃত ঘোষণাৰ পিছতো বেজৰ দ্বাৰা জৰাফুঁকা এগৰাকী যুৱতীক ।

সৰ্পদংশনত যুৱতী নিহত
author img

By

Published : Aug 23, 2019, 10:50 PM IST

অভয়াপুৰী,23আগষ্টঃ বিজ্ঞানৰ উত্থানৰ পিছতো অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই একাংশ লোক৷ এইবাৰ অন্ধবিশ্বাসৰ এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নয়াগাঁৱত ৷ কেৱল অন্ধবিশ্বাসৰ বাবেই সৰ্পদংশনত মৃত্যু হোৱা এগৰাকী যুৱতীৰ মৃতদেহত চলালে বেজৰ দ্বাৰা জৰাফুঁকা ৷

সৰ্পদংশনত যুৱতী নিহত

জানিব পৰা মতে নয়াগাঁও তৃতীয় খণ্ডৰ বিমল ৰায়ৰ জেষ্ঠ কন্যা অলকা ৰায়ক বৃহস্পতিবাৰে সন্ধিয়া নিজ গৃহৰ বাৰান্দাতে দংশন কৰিছিল বিষাক্ত সাপে৷ লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাছিল যুৱতী গৰাকীক । কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অলকা ৰায়ক । কিন্তু চিকিৎসালয়ৰ পৰা আনি পুনৰ যুৱতীগৰাকীৰ মৃতদেহত শুকুৰবাৰে দিনত জৰাফুঁকা কৰে একাংশ বেজে ৷ স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অভয়াপুৰীত ৷

Intro:সৰ্পদংশনত যুৱতী নিহত
জৰা ফুকা অব্যাহত
Body:Date- 23.08.19

Slug- যোগীঘোপাত সৰ্পদংশনৰ ঘটনা। চিকিৎসকে মৃত ঘোষণাৰ পিছতো বেজৰ দ্বাৰা জৰা ফুকা এগৰাকী যুৱতীক ।

Voice Over- বিজ্ঞানৰ উত্থানৰ পিছতো অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই একাংশ লোক৷ বিশেষকৈ গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ অধিক দেখা যায় ৷ এইবাৰ অন্ধবিশ্বাসৰ এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নয়াগাঁৱত ৷ কেৱল অন্ধবিশ্বাসৰ বাবেই সৰ্পদংশনত মৃত্যু হোৱা এগৰাকী যুৱতীৰ মৃতদেহত চলালে বেজৰ দ্বাৰা জৰা-ফুকা৷ জানিব পৰা মতে, নয়াগাঁও তৃতীয় খণ্ডৰ বিমল ৰায়ৰ জেষ্ঠ্য কন্যা অলকা ৰায়ক বৃহস্পতিবাৰে সন্ধিয়া নিজ গৃহৰ বাৰান্দাতে দংশন কৰিছিল বিষাক্ত সাপে৷ লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল যুৱতী গৰাকীক। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অলকা ৰায়ক। চিকিৎসালয়ৰ পৰা আনি পুনৰ যুৱতীগৰাকীৰ মৃতদেহত শুকুৰবাৰে দিনত জৰা-ফুকা কৰে একাংশ বেজে ৷ সকলোৰে আশা জীয়াই উঠিব যুৱতীগৰাকী ৷ স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিভিন্ন মহলত ।

Footage- 3

Byte- 1

Regards

Indranil Das,

News Contributor

ETV BHARAT ASSAM

Abhayapuri South

Conclusion:Visual 3
Byte 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.