বঙাইগাঁও, 22 জুলাই : বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত বন্যাৰ্তক সাহাৰ্য আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ আই নৈৰ খহনীয়াত এতিয়া প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ উছন হৈছে নৈৰ বুকুত । কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
আনহাতে মুখ্যমন্ত্ৰীয়ে আই নৈৰ বান পৰিস্থিতি পৰিদৰ্শন কৰা কাৰ্য কেৱল ভেঁকোভাওনা হে বুলি উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ বিফলতা ঢাকিবলৈ হে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বান পৰিস্থিতিৰ খবৰ লৈ কেৱল আশ্বাস প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ অতিশীঘ্ৰেই আই নৈৰ নতুন সুঁতিয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ দাবী আমছুৰ ।
![আমছুৰ বিক্ষোভ কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-bongaigaonaamsuprotesforrelief-vis-10012_22072020163449_2207f_1595415889_880.jpg)
আমছুৰ বঙাইগাঁও জিলা সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচিত উপস্থিত থাকে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ । বঙাইগাঁও জিলাৰ অন্তৰ্গত 3 নং আৰু 5 নং ভাণ্ডাৰাৰ বিস্তৃৰ্ণ অঞ্চল আই নদীৰ বাঢ়নী পানীৰ তাণ্ডৱত ব্যাপক গৰাখহনীয়া ফলত উক্ত অঞ্চলৰ বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছে । কিন্তু পৰিতাপৰ কথা,এই পৰ্যন্ত জিলা প্ৰশাসন তথা অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে গৰাখহনীয়া প্ৰতিৰোধ তথা খাদ্য সামগ্ৰী যোগান নধৰাত বুধবাৰে বঙাইগাঁও জিলা আমছুৰ উদ্যোগত তথা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত ৰূপায়ন কৰা হয় ব্যাপক বিক্ষোভ কাৰ্যসূচী ।
লগতে চাওক-নগাঁৱত মৃত্যুদূতত পৰিণত এখন বাঁহৰ দলং