মাণিকপুৰ, 30 আগষ্ট : দুজন কম বয়সীয়া যুৱক ৷ দুয়োৰে আছে দুটাকৈ ইউটিউব চেনেল ৷ ইয়াৰে এজনৰ ইউটিউব চেনেলৰ লগতে আছে ফেচবুক পেজো ৷ অভিযোগকাৰীৰ ভাষ্য মতে তেওঁৰ ভিউজ আৰু ফ’ল’ৱাৰছ কম আনজনৰ তুলনাত ৷ সেয়েহে তেওঁ নিজৰ পেজৰ ভিউজ বঢ়াবলৈ বেছিকে ভিউড আৰু ফ’ল’ৱাৰছ থকাজনৰ কাষ চাপিছিল ৷ কিন্তু সহায় কৰাৰ কথা কৈ তেওঁৰ পৰা পইচা লৈ জাহিদ নামৰ ইউটিউবাৰজনে তেওঁক প্ৰতাৰণা কৰে বুলি উল্লেখ কৰিছে তেওঁ ৷
ফটোত দেখা এইজন হ’ল তথাকথিত ইউটিউবাৰ, নাম জাহিদ । এওঁৰ আছে "এটা ইউটিউব চেনেল আৰু এটা ফেচবুক পেজ । এইজন তথাকথিত ইউটিউবাৰৰ বিৰুদ্ধেই এতিয়া নানান অভিযোগ তুলিছে ৰেহমান নামৰ আন এজন ইউটিউবাৰে ।
![A YouTuber](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/manikpurfraudyoutuberidasc10081_30082023131751_3008f_1693381671_734.jpg)
দৰাচলতে আজিৰ পৰা প্ৰায় চাৰি পাঁচ মাহ পূৰ্বে ইউটিউবাৰ জাহিদে R Mix Assam নামৰ ইউটিউব চেনেলৰ গৰাকী ৰেহমানৰ পৰা চেনেল প্ৰমোচন কৰি দিয়াৰ নামত নগদ ১৭০০ টকা লৈছিল ৷ কিন্তু পিচত প্ৰমোচন নকৰি সেই পইচা হৰলুকি কৰিলে বুলি গুৰুতৰ অভিযোগ উঠিছে ।
![A YouTuber](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/manikpurfraudyoutuberidasc10081_30082023131751_3008f_1693381671_174.jpg)
জাহিদে,ৰেহমানৰ পৰা টকা লোৱাৰ কিছুদিন পাচতে ৰেহমানৰ ফোন ৰিচিভ নকৰা হয় । পাচত উপায়হীন হৈ ভুক্তভোগী ৰেহমানে জাহিদৰ সতীৰ্থ এগৰাকীক মোবাইল ফোন যোগে কথাখিনি অৱগত কৰে । ৰেহমানক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ জাহিদৰ সতীৰ্থ আৰু ৰেহমানৰ মাজত হোৱা কথোপকথন ৰেকৰ্ডিং কৰি কিছু অংশ সামাজিক মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ কৰে তথাকথিত ইউটিউবাৰ জাহিদে ।
![A YouTuber](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/manikpurfraudyoutuberidasc10081_30082023131752_3008f_1693381672_72.jpg)
এতিয়া ভুক্তভোগী ৰেহমানে ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ ।
লগতে পঢ়ক : Public Protest in Manikpur: উপ-জিলাৰ দাবীত মাণিকপুৰত ৰাইজৰ প্ৰতিবাদ