ETV Bharat / state

এটাও টিভি নথকা গাঁওখন

author img

By

Published : Jun 29, 2020, 5:25 AM IST

বঙাইগাঁও জিলাৰ এখন বিশেষ গাঁও ৷ গাঁওখনত নাই এটাও টেলিভিছন। দোকানত টকা দি কৰিবলগীয়া হয় মোবাইল চাৰ্জ । য'ত বিদ‍্যুতৰ সকলো যাৱতীয় ব্যৱস্থা আছে, কিন্তু বিদ‍্যুৎ যোগান নাই । যাৰ বাবে টিভি চাব নোৱাৰে গাঁওবাসীয়ে ৷

there are no television in villeger's home

চিৰাং, 28 জুন : আজিৰ আধুনিক যুগতো বঙাইগাঁৱত আছে বিজুলী চাকিৰ পোহৰ নেদেখা এখন গাঁও ৷ গাঁওখনত নাই এটাও টিভি ৷ কাষৰীয়া গাঁৱৰ মানুহৰ ঘৰত অথবা দোকানত মোবাইল চাৰ্জ দিব লাগে গাঁওবাসীয়ে ৷ দোকানৰ মোবাইৰ চাৰ্জ দিয়াৰ বাবে ভৰিব লাগে ধন ৷ চাকি তথা মমবাতিৰ পোহৰত ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ সপোন ৰচে ৷ আজিৰ যুগতো এনে এখন গাঁও হয়তো বহুতৰে বাবে কল্পনাতীত ৷

এবছৰ পূৰ্বেই টানিছিল বিদ্যুতৰ তাঁৰ

বঙাইগাঁও জিলাৰ চোকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন মাজগাঁও দ্বিতীয় খণ্ড ৷ আজিৰ আধুনিক যুগতো গাঁওবাসীয়ে বহিঃবিশ্বৰ লগত ফেৰ মাৰিব পৰা নাই ৷ গাঁওখনত এবছৰ আগতেই বিদ্যুুতৰ খুঁটা পুতি সংযোগ কৰা হ'ল তাঁৰ ৷ ঘৰে ঘৰে দিয়া হ'ল বিদ্যুত বিভাগৰ মিটাৰ ৷ কিন্তু এবছৰে গাওঁখনত নজ্বলিল এটাও বিজুলীবাতি ৷ বিগত এবছৰে অব্যৱহৃত হৈ পৰি থাকিল বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ আৰু ঘৰুৱা মিটাৰ সমূহ ৷

গাঁওখনত আছে বিদ্যুৎতৰ যাৱতীয় ব্যৱস্থা

বঙাইগাঁও জিলাৰ অভয়াপুৰী বিদ্যুৎ উপ সংমণ্ডলৰ অধীনৰ বিষয়া,কৰ্মচাৰীৰ চূড়ান্ত অমোনযোগীতা আৰু হেমাহীৰ বাবে গাঁওবাসীয়ে আজিও পোৱা নাই বিদ্যুতৰ সংযোগ ৷ বিদ্যুৎ যোগান নথকাৰ বাবে গাঁওখনত নাই এটাও টিভি ৷ বিদ্যুৎ চালিত অন্য যন্ত্ৰ-পাতি,সা-সৰঞ্জামো নাই গাঁওখনত । যোগাযোগৰ বাবে হাতে হাতে মোবাইল আছে যদিও কাষৰীয়া গাঁৱৰ লোকৰ ঘৰত নতুবা দোকানত মোবাইল চাৰ্জ দি চলি আছে গাঁওবাসী ৷

এবছৰে নজ্বলিল বিজুলী চাকি

কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে ঘোষণা কৰিছিল ২০২১ চনৰ ভিতৰত বিদ‍্যুত সংযোগ নোহোৱা এখনো গাঁও নাথাকিব । কিন্ত এইদৰে সমগ্ৰ দেশত বিদ্যুৎ যোগানৰ সপোন সাৰ্থক হ'বনে ! এইখন গাঁৱৰ জনসাধাৰণৰ প্ৰশ্ন এয়া । বিদ‍্যুৎ বিভাগে সকলো দিয়াৰ পিচতো কিয় সংযোগ দিয়া নহ'ল, এই প্ৰশ্নৰ যেন কোনো উত্তৰ নাই কাৰো হাতত । বিগত ৩৫ বছৰে একেৰাহে বিধায়ক নিৰ্বাচিত হোৱা বৰ্তমানৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টি এয়া ।

এটাও টিভি নথকা গাঁওখন

লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছত বিভেদ অনাৰ ষড়যন্ত্ৰ চলিছে : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.