বিশ্বনাথ ২০ মে' : সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি গহপুৰত নিশা বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । গহপুৰ নগৰকে ধৰি ডিপৰা অঞ্চলত ব্যৱসায়িক প্ৰতিষ্ঠানত বৃদ্ধি পাব ধৰিছে চোৰৰ লুটপাত । গহপুৰ নগৰৰ লগতে ডিপৰাৰ প্ৰায় আঠখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰৰ দলে দোকানৰ সামগ্ৰী, টকা পইছা চুৰি কৰি নিয়ে ৷
চোৰৰ এই উপদ্ৰৱৰ পাছতেই গহপুৰ বাকৰি দলনীৰ গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত পহৰাৰ ব্যৱস্থা কৰিছে ৷ গাঁওৰক্ষী বাহিনীৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে মানুহৰ ঘৰত যাতে চোৰে প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বাকৰি দলনী অঞ্চলত নিশা তহল দিয়াৰ ব্যৱস্থা কৰিছে ৷
লগতে পঢ়ক : দেৱব্ৰত শইকীয়াই হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি