ETV Bharat / state

অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ প্ৰতিবাদ

author img

By

Published : Feb 18, 2021, 10:57 AM IST

ভেঞ্চাৰ বিদ্যালয়সমূহ পুনৰ খুলি দিয়াৰ দাবীত চিপিআই(এম-এল) ৰ নেতৃত্বত বন্ধ হৈ পৰা বিদ্য়ালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰে ৰূপায়ণ কৰে এক আন্দোলনৰ কাৰ্যসূচী ৷

ভেন্সাৰ স্কুল সমূহ পুনৰ খুলি দিয়াৰ দাবীত চিপিআই(এম-এল)ৰ নেতৃত্বত বন্ধ হৈ পৰা ভেন্সাৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে বুধবাৰে ৰূপায়ন কৰে এক আন্দোলনৰ কাৰ্যসূচী ৷

বিশ্বনাথ,18 ফেব্ৰুৱাৰীঃ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ নামত হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পদ চিৰদিনৰ বাবে বন্ধ কৰি দিলে । যাৰ ফলত বিহালীত বন্ধ হৈ পৰিছে ১৫ খন অপ্ৰাদেশীকৃত বিদ্যালয় ৷ অন্ধকাৰ হৈ পৰিছে বহু শিক্ষাৰ্থীৰ ভৱিষ্যত ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিদ্যালয় কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা বহু দল-সংগঠন ৷ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ পুনৰ খুলি দিয়াৰ দাবীত চিপিআই(এম-এল)ৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰে ৰূপায়ণ কৰে এক আন্দোলনৰ কাৰ্যসূচী ৷

প্ৰাপ্ত তথ্য অনুসৰি, অসম চৰকাৰে প্ৰাদেশীকৰণৰ নামত অসমৰ ৩৬০০ খন অপ্ৰাদেশীকৃত বিদ্যালয় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰত বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৮ খন মধ্য ইংৰাজী বিদ্যালয় আৰু ৭ খন প্ৰাথমিক বিদ্যালয় আছে ৷ বিদ্যালয়সমূহত আছে পৰ্যাপ্ত শিক্ষাৰ্থী ৷ কিন্তু হঠাৎ বিদ্যালয়সমূহ বন্ধ কৰাৰ ফলত দিকবিদিক হেৰুৱাইছে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ৷ আনকি শিক্ষক-শিক্ষয়িত্ৰীসকলক অন্য স্কুলত অস্থায়ীভাৱে নিযুক্তি দিয়াৰ ফলত বন্ধ হৈ যোৱা স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ভয়ংকৰ বিপদৰ সম্মুখীন হ’বলগাত পৰিছে ৷

ইফালে সৰস্বতী পূজাৰ দিনাখনো বিদ্যালয়ত সৰস্বতী পূজা পাতিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰি দিছে অসম চৰকাৰে ৷ এই বুলি মন্তব্য কৰিছে চিপিআই(এম-এল) নেতা বিবেক দাসে ৷ এই বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰি কেৱল মাত্ৰ শিক্ষকসকলক অংশকালীন শিক্ষকৰ ৰূপত সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ৷ এই সাহায্যৰ পৰিমাণ আছিল মাত্ৰ ১০,৮০০ টকা ৷ যি এনৰেগা কৰ্মচাৰীৰ বেতনতকৈ কম । এই শিক্ষকসকলক ডি এল এড আদি পৰীক্ষা দিবলৈ বাধ্যতামূলক কৰি এতিয়া কণা হাঁহক পতান দিয়াৰ দৰে চৰম অপমান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । পূৰ্বৰ চৰকাৰৰ শিক্ষা মন্ত্ৰী হৈ থাকোতে এই বিদ্যালয়সমূহক নিয়মীয়াকৰণ কৰাৰ কথা দিয়া মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰাদেশীকৰণৰ নামত হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পদ চিৰদিনলৈ বন্ধ কৰি দিছে । আনকি বিজেপিলৈ আহি শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে, অসমত আৰু কোনো অপ্ৰাদেশীকৃত বিদ্যালয় নেথাকিব । এতিয়াহে এই ঘোষণাৰ অৰ্থ স্পষ্ট হ'ল বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, সৰস্বতী পূজাৰ দিনা চৰকাৰে বিহালীৰ কেইবাখনো বিদ্যালয় চৰকাৰে বন্ধ কৰি দিয়ে ৷ চিপিআই(এম-এল) ৰ নেতা গৰাকীয়ে বন্ধ হৈ পৰা বিদ্যালয় কেইখন ভ্ৰমণ কৰি তাত কৰ্মৰত শিক্ষক-শিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীৰ সমস্যা বুজ লোৱাৰ লগতে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে যে, অসম চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰভাৱে চিপিআই(এম-এল)য়ে মাত মাতি যাব । এই বিষয়ে অসম চৰকাৰলৈ এখন স্মাৰকপত্ৰ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে চিপিআই(এম-এল) য়ে ৷

লগতে পঢ়কঃ হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.