ETV Bharat / state

ইটাখোলাত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই

ইটাখোলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুই বাইক আৰোহী ৷

নিহত দুই বাইক আৰোহী
ইটাখোলাত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই
author img

By

Published : Oct 10, 2020, 9:14 PM IST

চতিয়া, 10 অক্টোবৰ: অসম-অৰুনাচল সীমান্তৱৰ্তী ইটাখোলা উপ আৰক্ষী চকীৰ অন্তৰ্গত হাতীপটি গেটৰ সমীপত শনিবাৰে দিনৰ ভাগত এক পথ দুৰ্ঘটনাত থিতাতে দুজন যুৱক নিহত হয় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা মতে, দিনৰ প্ৰায় 1:30 বজাত AS-27 C 6279 নম্বৰৰ এখন শিলভৰ্তি ডাম্পাৰে এখন পালচাৰ মটৰ চাইকেলত খুন্দা মৰাত বাইক আৰোহী দুজন থিতাতে নিহত হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, নিহত মটৰ চাইকেল আৰোহী দুজন স্থানীয় যুৱক বিকাশ বসুমতাৰী আৰু ৰাজা মুচাহাৰী ৷ উল্লেখ্য যে, ডাম্পাৰৰ চালকজনে দুৰ্ঘটনাতো সংঘটিত কৰাৰ পাচতে পলায়ন কৰে ।

পৰৱৰ্তী সময়ত উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ইটাখোলা চিজুচা সংযোগী পথটো বহু সময় ধৰি অৱৰোধ কৰি ৰাখে ।

লগতে পঢ়ক : কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিৰুদ্ধে মুখ খুলিলে আমিনুল ইছলামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.