বিশ্বনাথ, 23 জানুৱাৰী : গহপুৰৰ বালিজানত ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা । ৩০ ফুট দ খাৱৈত নিয়ন্ত্ৰন হেৰুৱাই বাগৰিল AS 06A B9993 নম্বৰৰ "হুণ্ডাই ইয়ণ"। বালিজান এছ বি আই শাখাৰ চাৰিজন বেংক কৰ্মচাৰী আছিল বাহন খনত । এজন স্থানীয় যুৱকে ততাতয়াকৈ দুজন কৰ্মচাৰীক উদ্ধাৰ কৰে যদিও বাকী দুজন গাড়ী সহ পানীৰ তলতে আৱদ্ধ হৈ পৰে ।
নিজৰ সতীৰ্থক ভাড়াঘৰত থ’বলৈ গৈ উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটি । এছ বি আই বলিজান শাখাৰ কোষাধ্যক্ষ হিচাপে কৰ্মৰত বিহাৰৰ বিশাল ৰাজ আৰু বেংকৰ অস্থায়ী কৰ্মচাৰী গহপুৰ ডুবিয়াৰ জাৰণী গাঁৱৰ ৰামেশ্বৰ ওৰাংৰ মৃত্যু হয় ।
এছ ডি আৰ এফ বাহিনীয়ে গহপুৰ প্ৰশাসনৰ সহযোগত নিশা প্ৰচণ্ড শীতকো নেওচি পানীৰ তলত নেৰা নেপেৰা অভিযান চলায় ৷ অৱশেষত পুৱতি নিশা চাৰি বজাত গাড়ীখনৰ সহ মৃত ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ব্ৰহ্মাজান দিশৰ পৰা গহপুৰ নগৰলৈ আহি আছিল বাহনখন । বেংক কৰ্মচাৰী দুজনৰ মৃত্যুত শোকাকুল হৈ পৰিছে অঞ্চলবাসী ।
লগতে পঢ়ক : নগাঁৱত ভূমি পট্টা দিয়াৰ নামত লাট মণ্ডলে হিতাধিকাৰীৰ পৰা সৰকাইছে টকা