বিশ্বনাথ, 12 আগষ্ট : অসমৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যই আকৰ্ষণ কৰে পৰ্যটকক ৷ বিভিন্ন সময়ত অসমলৈ আগমণ ঘটে দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ ৷ বিশাল লুইতৰ অপৰিসীম সৌন্দৰ্য, অসমৰ সেউজী শোভাই আপ্লুত কৰে সকলোকে ৷ দূৰ-দূৰণিৰ পৰ্যটকক হাত বাউলী মাতে অসমে কিন্তু এতিয়া কমিছে পৰ্যটকৰ সংখ্যা ৷
কালৰূপী কৰ’ণাৰ গ্ৰাসত পৰা ভাৰত তথা অসমত লক ডাউনৰ লতাডালে বাৰুকৈয়ে মেৰিয়াই ধৰিলে ৷ আজিকোপতি ইয়াৰ পৰা পোৱা নাই সম্পূৰ্ণ ৰূপে পৰিত্ৰাণ ৷ এই লকডাউনৰ বাবেই এতিয়া বিপদত ৰাজ্যৰ পৰ্যটন বিভাগ ৷ কাল ক’ৰণাৰ বাবেই বিধ্বস্ত হৈ পৰিল গুপ্তকাশী বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰও ৷
কোটি টকীয়া হংস বাহনত এতিয়া ঘূণে ধৰা অৱস্থা ৷ মহামাৰী ক'ৰণাই দেশৰ আন পৰ্যটন ক্ষেত্ৰৰ দৰেই বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈও দুৰ্যোগ নমাই আনিছে । কিয়নো কেৰেলাৰ নদী পৰ্যটনৰ আৰ্হিত বিশ্বনাথৰ পৰ্যটন অনুৰাগী ড৹ কিশোৰ হাজৰিকাই 2017 চনত বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিছিল এখন জাহাজ । নাম দিছিল 'হংস বাহন'।
এই হংস বাহনত আছিল 7 টাকৈ শীত -তাপ নিয়ন্ত্ৰিত কোঠা, এটা বৃহৎ ডাইনিং হ’ল । এই হংস বাহনত উঠিয়েই বিশ্বনাথলৈ অহা দেশী-বিদেশী বহু পৰ্যটকে বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা উপভোগ কৰাৰ লগতে শিলঘাটলৈকে নৌকা যাত্ৰাৰ আমোদ লৈছিল । প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হংস বাহনখনে 2019 চনলৈকে বিশ্বনাথৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিল যদিও 2020 চনৰ পৰা ক'ৰণাৰ বাবে থমকি ৰ'ল 'হংস বাহন' ৰ যাত্ৰা ।
ক’ৰণাই জটিল ৰূপ ধাৰণ কৰাৰ বাবেই পৰ্যটকহীন হৈ পৰিল গুপ্তকাশী বিশ্বনাথ ঘাটৰ মঠ মন্দিৰ, নদী দ্বীপ উমাটুমণি আৰু নদী দ্বীপটোত থকা গ্ৰীন আছিয়ানা ইক' ৰিজৰ্ট । ফলত এতিয়া পৰ্যটকৰ অভাৱৰ বাবেই ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰি ৰৈছে হংস বাহন খন । কৰ’ণা হয়তো এদিন যাবগৈ, কিন্তু সেই দিটোলৈ আৰু কিমান বাট চাব লাগিব আমি ৷
লগতে পঢ়ক:বিশ্ব হস্তী দিৱস : মানাহত হাতীৰ বাবে আয়োজন প্ৰীতি ভোজ