PM Modi mother hospitalized: প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক (Hiraben Modi admitted to hospital) ৷ মাতৃৰ কাষলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ৷
Constituency Delimitation in Assam : নতুন সমষ্টি জনপ্ৰিয়-ইতিহাসপ্ৰসিদ্ধ ঠাইৰ নামেৰে নামাকৰণ হ’ব: বিশ্বজিৎ দৈমাৰী
মঙলবাৰে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিৰোধীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আসোঁৱাহৰ মাজৰে আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে শাসকীয় পক্ষই ইয়াৰ জৰিয়তে হ’ব পৰা লাভালাভৰ কথা প্ৰকাশ কৰিছে ৷ বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত (Assam Assembly Speaker on Constituency Delimitation) ৷
Rifle recovered in Biswanath: কাজিৰঙাৰ গঁড় হত্যাত ব্যৱহৃত ৰাইফল উদ্ধাৰ
চোৰাং চিকাৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ বৃহৎ সফলতা । গঁড় চিকাৰীয়ে ব্যৱহাৰ কৰা এটা ৰাইফল উদ্ধাৰ কৰে আৰক্ষীয়ে (Rifle recovered in Biswanath)। চতিয়াৰ ১ নং আদাভেদীত বস্তাত ভৰাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় ৰাইফলটো ৷ ধৃত গঁড় চিকাৰী আব্দুল মতিনৰ তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ৰাইফলটো । উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰী মাহত কাজিৰঙাত সংঘটিত হোৱা শেষৰটো গঁড় হত্যাৰ ঘটনাত ব্যৱহাৰ কৰা হৈছিল এই ম'ডিফাইড ৩০৩ ৰাইফলটো ৷
Hemchandra Higher Secondary School: মাজুলীৰ হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ লাইখুটা স্থাপন
মাজুলীৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি দিছে শতবৰ্ষত ৷ বিদ্যালয়খনৰ শতবৰ্ষ উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ৷ আজি বিদ্যালয়ৰ চৌহদত স্থাপন কৰা হয় শতবৰ্ষ উদযাপনৰ লাইখুটা ৷ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে স্থাপন কৰে লাইখুটা ।
Electricity tariffs hiked: প্ৰতি ইউনিটত 30 পইচাকৈ পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল
আকৌ বৃদ্ধি পালে বিদ্যুৎ মাচুল (Electricity charges hiked in Assam) ৷ নতুন বছৰত নতুন নিৰিখত বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব অসমৰ ৰাইজে ৷ ইতিমধ্যে জাননী যোগে এই কথা অৱগত কৰিছে অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে (APDCL hiked electricity charges) ৷ এতিয়াৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বাবে 30 পইচাকৈ বেছি ভৰিব ৰাইজে ৷
Birth Anniversary of Lakheswar Gohain: প্ৰাক্তন মন্ত্ৰী প্ৰয়াত লক্ষেশ্বৰ গোঁহাইৰ জন্ম শতবাৰ্ষিকী উদযাপন
ৰাজ্যৰ প্ৰাক্তন ৰাজহমন্ত্ৰী প্ৰয়াত লক্ষেশ্বৰ গোঁহাইৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত আজি অনুষ্ঠিত হয় এক স্মৃতিচাৰণ সভা ৷ চৰকাৰীভাৱে প্ৰয়াত প্ৰাক্তন ৰাজহ মন্ত্ৰীগৰাকীৰ জন্মবাৰ্ষিকী অনুষ্ঠিত কৰিব লাগিছিল যদিও কামপুৰবাসীৰ সহযোগতহে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Birth Anniversary Of Lakheswar Gohain) ৷
Worker died in Digboi: ডিগবৈত দুমহলীয়া অট্টালিকাৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ
তিনিচুকীয়া জিলাৰ ডিগবৈৰ মিছনপাৰাত শোকাৱহ ঘটনা । দুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজন শ্ৰমিকৰ (Worker died in Digboi) ৷ জানিব পৰা মতে ডিগবৈ মিছনপাৰাৰ গোপী দেৱনাথৰ দুমহলীয়া অট্টালিকাত কৰ্মৰত হৈ আছিল কেইবাজনো শ্ৰমিক ৷ অন্য দিনাৰ দৰে আজিও অট্টালিকাটোত একেলগেই কাম কৰি আছিল শ্ৰমিককেইজন ৷ কিন্তু কাম কৰি থকা অৱস্থাত হঠাৎ এজন শ্ৰমিক অট্টালিকাটোৰ পৰা সৰি পৰে ৷ পিছত ততাতৈয়াকৈ শ্ৰমিকজনক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে শ্ৰমিকজনক মৃত ঘোষণা কৰে (Construction worker dies after falling building) ৷
Cattle syndicate: বিলাসী বাহনৰ ভিতৰৰ পৰা ওলাল ৪ টাকৈ চোৰাং গৰু
তেজপুৰৰ কলিয়াভোমোৰাত চোৰাং গৰু উদ্ধাৰ (Cattle smuggling in Assam)। ৪ টা চোৰাং গৰু উদ্ধাৰ কৰে বৰঘাট আৰক্ষীয়ে । বিলাসী বাহত সৰবৰাহ কৰা হৈছিল গৰুকেইটা । আচিবুল হুছেইন আৰু মাজিদুল হক নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।
IND vs SL series 2023 : বছৰৰ প্ৰথম শৃংখলা, দুই অধিনায়কৰ ওপৰত থাকিব প্ৰচণ্ড চাপ ?
বছৰৰ আৰম্ভণিতে হ'বলগা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে দল (Indian team announced for upcoming series)। টি-২০ দলত নাথাকিব ঋষভ পন্ত, ভুৱনেশ্বৰ কুমাৰ, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল । নতুন দুগৰাকী খেলুৱৈক স্থান দিয়া হৈছে দলত ।
Bhabesh Kalita on Congress: ৰঙিয়াত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা ভৱেশ কলিতাৰ
ৰঙিয়াত কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita on Congress) । আজিৰ তাৰিখত কংগ্ৰেছ দল নচলে । কংগ্ৰেছ দল এতিয়া দুই টকীয়া নোটত পৰিণত হ'ল । দুই টকীয়া নোট যেতিয়া বজাৰত নচলে কংগ্ৰেছৰো অৱস্থা এতিয়া একে হৈছে । কংগ্ৰেছৰ তোষামোদ, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পৰিয়ালবাদৰ বাবে ভাৰতৰ ৰাইজে কংগ্ৰেছ দলক বিদায় দিছে বুলি তীব্ৰ কটাক্ষ কৰে কলিতাই । আনহাতে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰি কয় যে, অখিল গগৈয়ে কিছুমান বস্তু দেখাবলৈ যায় সংবাদ মাধ্যমৰ আগত (Bhabesh Kalita criticizes Akhil Gogoi) ।