ETV Bharat / state

বিহালীত বাঘৰ আতংক

বিহালী সমষ্টিৰ কেটেলাপথাৰত বাঘৰ আতংক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এটা বাঘে সন্ত্ৰাস চলাইছে সমগ্ৰ অঞ্চলটোত ৷ বাঘটোৱে একাংশ গো-পালকৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছে গোহালীৰ গৰু ৷ যাৰ ফলত প্ৰতিদিনে মৃত্যু হৈছে গো-ধনৰ ৷

author img

By

Published : May 12, 2021, 10:39 AM IST

বিহালীত বাঘৰ আতংক
বিহালীত বাঘৰ আতংক

বিশ্বনাথ,12 মে': বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত কেটেলাপথাৰত বাঘৰ আতংক ৷ বাঘৰ আতংকত শংকিত হৈ পৰিছে গো-পালক সকল। বিগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৷ বাঘে সমগ্ৰ অঞ্চলটোত নিধন কৰিছিল দৈনিক দুই-তিনিটাকৈ গো-ধন ৷ পুনৰ অনুৰূপ ঘটনা সংঘটিত হ’ল মঙলবাৰে নিশা ৷

বিহালীত বাঘৰ আতংক

বিহালীৰ কেটলাপথাৰ গাঁৱৰ বিশ্বজিৎ দাস নামৰ লোকজনৰ ঘৰত এটা ঢেকিয়াপতীয়া বাঘ সোমাই ছাগলীৰ গড়ালৰ পৰা এটা ছাগলী উলিয়াই নিয়ে ৷ বাঘক বাধা দিবলৈ ওলাই যোৱা লোকজনৰ মাতৃও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে, বাঘটো ওচৰৰ এখন চাহ বাগিচাত আশ্ৰয় লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গাওঁবাসীয়ে ।

লগতে পঢ়ক: নগাঁৱত ক’ভিড চিকিৎসা প্ৰদানত হেমাহিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.