ETV Bharat / state

অভিশপ্ত শনিবাৰটোৱে লৈ গ’ল বিহু ভালপোৱা সিহঁতবোৰক...

author img

By

Published : Apr 17, 2022, 8:26 PM IST

নিমিষতে হেৰাই গ’ল ৰঙাজানৰ সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতী (Gohpur Road Accident) ৷ ব’হাগৰ দ্বিতীয়টো দিনাই নিয়তিৰ কোলাত শুই পৰিল বৰ্ণালী, বুদ্ধিমতি, ৰাধিকা, সঞ্জয় আৰু কলিমন ৷ ফলত চাৰিওফালে এতিয়া শুনিবলৈ পোৱা গৈছে কেৱল কান্দোনৰ ৰোল ৷

Gohpur Road Accident
নিমিষতে হেৰাই গ’ল ৰঙাজানৰ সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতী

বিহালী, 17 এপ্ৰিল : অভিশপ্ত শনিবাৰ ৷ নিমিষতে হেৰাই গ’ল সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতী ৷ ব’হাগৰ দ্বিতীয়টো দিনাই বগা চাদৰৰ তলত শুই পৰিল বৰ্ণালী, বুদ্ধিমতি, ৰাধিকা, সঞ্জয় আৰু কলিমন ৷ ফলত চাৰিওফালে এতিয়া শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল ৷

এতিয়া ব’হাগৰ বতৰ ৷ ৰাজ্যৰ চৌদিশে এতিয়া বৈছে বিহুৰ আনন্দ উল্লাহৰ ঢল ৷ বিহুৰ হুঁচৰি গাবলৈ ঘৰৰ পৰা ওলাই আহিছিল বৰ্ণালী, বুদ্ধিমতি, ৰাধিকা, সঞ্জয় আৰু কলিমনহঁতৰ 20 জনীয়া দলটো ৷ সকলো ঠিকেই আছিল ৷ শনিবাৰৰ নিশা টকৌবাৰীত অনুষ্ঠান পৰিৱেশন কৰি ঘৰলৈ বুলি উভতিছিল গহপুৰৰ এই বিহু হুঁচৰি দলে ৷

কাৰ ভুলৰ বাবে হেৰাই গ’ল ৰঙাজানৰ সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতী ?

পিছে, ৰঙাজানৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে বিহুৰ দলটোৰ বাবেই যেন ৰৈ আছিল কাল ৷ দলটোৱে তেতিয়া সেই কথা অনুমানেই কৰিব পৰা নাছিল ৷ অৱশেষত 20 জনীয়া বিহুৱা দলটোক কঢ়িয়াই অনা AS 25 DC 7418 নম্বৰৰ বলেৰ’ পিকআপ ভানখন পতিত হয় দুৰ্ঘটনাত (Road accident at Gohpur) ৷

লগতে পঢ়ক : Road accident at Gohpur: বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত SP আৰু DC

সকলো শেষ হৈ গ’ল ৷ নিমিষতে হেৰাই গ’ল সম্ভাৱনাপূৰ্ণ পাঁচগৰাকীকৈ যুৱক-যুৱতী (Five persons of a Bihu team died in a road accident) ৷ কোনেও যেন একো ধৰিবই নোৱাৰিলে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ একাংশ লোকৰ সন্দেহ, বাহনখনৰ চালকে মদ্যপান কৰি চলাইছিল বাহনখন ৷

এই ঘটনাৰ পিছতে, দেওবাৰে বিহালীত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তগৰাকীয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে জব্দ কৰা হৈছে দুৰ্ঘটনা পতিত হোৱা বাহনখন ৷ লগতে দুৰ্ঘটনা পতিত হোৱা বাহনখনৰ চালকৰ সন্ধানতো সম্প্ৰতি নামি পৰিছে আৰক্ষীৰ দল ৷

এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে সংঘটিত হ’ল এই দুৰ্ঘটনাটো ? পিছে ভুল যাৰেই নহওঁক কিয়, বিহুৰ বতৰত জীৱন হেৰুওৱা বৰ্ণালী, বুদ্ধিমতি, ৰাধিকা, সঞ্জয় আৰু কলিমনহঁতৰ বাবে এতিয়া কান্দি উঠিছে প্ৰত্যেকৰে হৃদয়ে ৷

লগতে পঢ়ক : অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.