ETV Bharat / state

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

ৰাজ্যজুৰি চাহ মজদুৰ সংঘৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু ভূমি পট্টা প্ৰদানৰ লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যাসমূহ 11দফীয়া দাবী পূৰণৰ বাবে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ ইয়াৰ লগতে বুধবাৰে বাগিছাৰ কাম-কাজ বন্ধ ঘোষণা কৰে চাহমজদুৰ সংঘই ৷

author img

By

Published : Sep 30, 2020, 8:23 AM IST

tea labor protest
tea labor protest

নিউজ ডেস্ক, 30 জুলাই : সদৌ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত মঙলবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বিশেষকৈ চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু ভূমি পট্টা প্ৰদানৰ লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যাসমূহ 11দফীয়া দাবী পূৰণৰ বাবে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ উজনি আৰু মধ্য অসমৰ বহুকেইখন জিলাত প্ৰতিবাদ কৰা দেখা গ’ল চাহ শ্ৰমিকসকলক ৷

বিশ্বনাথ : চাহ মজুদ সংঘৰ বিশ্বনাথ শাখা উদ্যোগত বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ ৰাজ্যিক ঘাইপথৰ কাষত মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বিহালীতো চাহ মজুদৰ সংঘই সাব্যস্ত কৰে প্ৰতিবাদ । কেটেলা চাহ বাগিচাৰ মজুদৰ সংঘৰ সদস্য সকলে কেটেলা চাহ বাগিচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বিহালী খণ্ড উন্নয়ন কাৰ্যালয়ত শ্ৰমিক সকল উপস্থিত হৈ বিজেপি চৰকাৰৰ হায় হায় আদি শ্ল’গানেৰ উত্তাল কৰি তোলে পৰিবেশ ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ লগতে ভূমি পট্টা দিয়া, চাহ শ্ৰমিকৰ সন্তানৰ শিক্ষা - স্বাস্থ্যৰ কাৰণে নতুন আইন প্ৰণয়ন দাবীত আজি দিনটোত চাহ বাগিচাৰ সমুহ বন্ধ ঘোষণা কৰিছে যৌথ সংগ্ৰাম সমিতিয়ে ।

আনহাতে যৌথ সংগ্ৰাম সমিতিৰ সদস্য তথা চি পি আই এম এল ৰাজ্যিক সমিতি কেন্দ্ৰীয় সদস্য বিবেক দাসৰ সৈতে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰকাশ কৰি কয় যে বিজেপি চৰকাৰৰ দললৈ আহিলে চাহ শ্ৰমিক সকলক ৩৫1 টকা দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শাসকীয় দলটো ৪ বছৰ অধিক সময় অতিক্ৰম কৰা পাচতো শ্ৰমিক সকলৰ বাবে চিন্তা নকৰাত এনে চাহ বাগিচাৰ বন্ধ দৰে কঠোৰ প্ৰতিবাদ গ্ৰহণ কৰিবলৈবাধ্য হৈছে ৷

tea labor protest
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

যোৰহাট : অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু অনান্য প্ৰাপ্তি দাবীৰে টীয়ক চাহ বাগিছাৰ প্ৰৱেশ পথৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় দুই শতাধিক পুৰুষ আৰু মহিলা শ্ৰমিকে এক মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বিজেপি চৰকাৰে ২১ ৰ নিৰ্বাচনৰ পূৰ্বে যদি শ্ৰমিকসকলৰ ন্যাৰ্য দাবীসমূহ পূৰণ নকৰে তেন্তে অনাগত দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংঘই । উল্লেখ্য যে, 2016 চনতে শাসনৰ বাঘজৰী হাতত লৈ চাহ শ্ৰমিকৰ সকলো সমস্যা সমাধানৰ আশ্বাস দিছিল বিজেপি চৰকাৰে ৷ কিন্তু চাৰে চাৰি বছৰ পাৰ হোৱাৰ পাচতো সেই প্ৰতিশ্ৰুতি আংশিকভাৱেও পূৰণ নকৰাত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক সকল ৷

টিংখাং : টিংখাঙতো দেখা গ’ল শৰ্মিকৰ প্ৰতিবাদ । ২৫ কিলোমিটাৰ পথত মানৱ শৃংখলেৰে চাহ মজদুৰ সংঘই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ২০ খন বৃহৎ চাহ বাগিচাৰ প্ৰায় দহ সহস্ৰাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদে কঁপালে সমগ্ৰ টিংখাং । মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাই পথত টিংখাঙৰ বামুণবাৰী তিনিআলিৰ পৰা ৰাজগড় হৈ টিংখাং তেল ডিপোলৈকে প্ৰায় ২৫ কিলোমিটাৰ দৈঘ্যৰ পথচোৱাৰ কাষে কাষে এই মানৱ শৃংখল কাৰ্যসূচী গঢ়ি তোলা হয় ।

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ডিগবৈত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত মানৱ শৃংখল কাৰ্যসূচী । অসম চাহ মজদূৰ সংঘৰ আহ্বান মৰ্মে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি আৰু 11 দফীয়া গুৰুত্বপূৰ্ণ দাবীৰে মঙলবাৰে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চল, ডিগবৈ পাৱৈ চাহ বাগিচাতো এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ লগতে বহু কেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

tea labor protest
ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

শদিয়া : অসমৰ এটা অন্যতম জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠীয় আদিবাসী লোক সকল । এই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক জনজাতিকৰণ দাবীত অসম চাহ মজদুৰ সংঘ, ডুমডুমা শাখাৰ উদ্যোগত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী হাতত লয় ৷ কুমচাং গেটৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত কেইবা কি:মি: দৈঘ্যৰে হাজাৰ হাজাৰ লোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অতি সোনকালে তেওঁলোকৰ সমস্যাসমূহ সমাধান নকৰিলে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলক প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও চাহ মজদুৰ সংঘৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অক্টোবৰৰ পৰা আৰম্ভ হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.