ETV Bharat / state

Supply department raid in Biswanath : ট্ৰাকসহ ব্যৱসায়ীৰ গুদামৰ পৰা জব্দ ১৫২ কুইণ্টল ধান - Rice seized in Biswanath

ৰাজ্যত সক্ৰিয় হৈছে ধানৰ চিণ্ডিকেট চক্ৰ (Rice Syndicate)। বিশ্বনাথত যোগান বিভাগে অভিযান চলাই জব্দ কৰে ১৫২ কুইণ্টল ধান । কৃষকৰ পৰা কম মূল্যত ক্ৰয় কৰি ধানখিনি বহিঃৰাজ্যলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছিল বাণোৱাৰীলাল শৰ্মা নামৰ ব্যৱসায়ীজনে ।

Biswanath
ট্ৰাকসহ ব্যৱসায়ীৰ গুদামৰ পৰা জব্দ ১৫২ কুইণ্টল ধান
author img

By

Published : Dec 13, 2022, 1:55 PM IST

বিশ্বনাথ, ১৩ ডিচেম্বৰ : ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ধানৰ চিণ্ডিকেট (Rice syndicate in Assam)। চৰকাৰী মূল্যৰ পৰিৱৰ্তে কৃষকৰ পৰা কম মূল্যত ধান ক্ৰয় কৰি একাংশ ব্যৱসায়ী ধানৰ ব্যৱসায় কৰি আছে । কেৱল এয়াই নহয় দুখীয়া কৃষকৰ পৰা কম মূল্যত ধান ক্ৰয় কৰি বহিঃৰাজ্যলৈও প্ৰেৰণ কৰে সেই ধান (Rice supply scam)। যাৰ ফলত কৃষকসকলে কষ্টৰ বিনিময়ত নাপায় সঠিক মূল্য ।

চৰকাৰে কৃষকৰ পৰা সঠিক মূল্যত ধান ক্ৰয়ৰ বিভিন্ন পদক্ষেপ লৈছে যদিও এইধৰণে এক ব্যৱসায়ী চক্ৰই ধানৰ চিণ্ডিকেট অব্যাহত ৰাখিছে । এনে অভিযোগৰ ভিত্তিত ৰাজ্যৰ ভিন্ন প্ৰান্তত যোগান বিভাগৰ অভিযান অব্যাহত আছে । বিশ্বনাথ জিলাতো উপায়ুক্তৰ নিৰ্দেশত বিভিন্ন স্থানত যোগান বিভাগৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে যোগান বিভাগে জব্দ কৰিলে প্ৰায় ১৫২ কুইণ্টল ধান (Rice seized in Biswanath)। বিশ্বনাথৰ ম'হজুলিত যোগান বিভাগে অভিযান চলাই এখন ট্ৰাকসহ ধানখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

ট্ৰাকসহ ব্যৱসায়ীৰ গুদামৰ পৰা জব্দ ১৫২ কুইণ্টল ধান

জানিব পৰা মতে মহজুলিৰ বাণোৱাৰীলাল শৰ্মা নামৰ ব্যৱসায়ীজনে কৃষকৰ পৰা কম মূল্যত ধানখিনি ক্ৰয় কৰিছিল আৰু বহিঃৰাজ্যলৈ প্ৰেৰণৰ বাবে সাজু হৈছিল । বহিঃৰাজ্যলৈ প্ৰেৰণৰ যো-জা চলাই থাকোতেই যোগান বিভাগে ব্যৱসায়ীজনৰ গুদামৰ পৰা ট্ৰাকসহ ধানখিনি জব্দ কৰে (Supply department seized rice)। জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ AS-01-MC-0895 ।

উল্লেখ্য যে ধানসমূহ বিক্ৰী কৰিবলৈ অসম ধান আৰু চাউল সংগ্ৰহ আইন-১৯৫৫ৰ অধীনত অনুজ্ঞাপত্ৰ থাকিব লাগে (Assam Paddy and Rice Procurement Act 1955)। কিন্তু যোগান বিভাগৰ অভিযানৰ সময়ত বাণোৱাৰীলাল শৰ্মাই কোনো অনুজ্ঞাপত্ৰ দেখুৱাব নোৱাৰিলে । জানিব পৰা মতে কৃষকৰ পৰা ধানখিনি প্ৰতি কুইণ্টলত ১,৬০০ টকা দৰত বাণোৱাৰীলালে ক্ৰয় কৰিছে । কিন্তু চৰকাৰী দৰ অনুসৰি ধানৰ প্ৰতি কুইণ্টলৰ মূল্য ২,০৪০ টকা । জব্দ কৰা ধানখিনিৰ চৰকাৰী মূল্য ৩ লাখ ১০ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ ইফালে উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ব্যৱসায়ীৰ বিৰুদ্ধে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি যোগান বিভাগৰ বিষয়াই জনাইছে ।

লগতে পঢ়ক :Ganja seized: ৰঙিয়াত বুজন পৰিমাণৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.