ETV Bharat / state

চতিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ শান্তনু হাজৰিকাৰ সফলতা

ভৱিষ্যতে এজন চফটৱেৰ অভিযন্তা হোৱাৰ আশা পুহি ৰখা শান্তনুৱে পৰৱৰ্তী সময়ত স্থানীয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷

Sootia
চতিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ শান্তনু হাজৰিকাৰ সফলতা
author img

By

Published : Jun 8, 2020, 2:56 PM IST

চতিয়া, ৮ জুন: চতিয়াৰ অন্তৰ্গত হাতিঙা ৰামপুৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ শান্তনু হাজৰিকাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.৩% সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে দিন হাজিৰা কৰি ঘৰ চলোৱা দ্বিজেন হাজৰিকাৰ পুত্ৰ শান্তনুৱে হাতিঙা হাইস্কুলত অধ্যয়ন কৰিছিল ৷ ভৱিষ্যতে এজন চফটৱেৰ অভিযন্তা হোৱাৰ আশা পুহি ৰখা শান্তনুৱে পৰৱৰ্তী সময়ত স্থানীয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷ বৰ্তমানে দিন হাজিৰা কৰি কোনোমতে চাৰিজনীয়া পৰিয়ালটো পোহপাল দি থকা শান্তনুৰ পিতৃ দ্বিজেন হাজৰিকাই আগন্তুক সময়ত শান্তনুৰ পঢ়াৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে ৷

চতিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ শান্তনু হাজৰিকাৰ সফলতা

লগতে পঢ়কঃ আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.