বিশ্বনাথ, ৯ আগষ্ট : কোৰিয়াৰ কোকিয়নস্থিত টাইকোৱাণ্ডোৰ আন্তঃৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা ঘোষণা কৰা হৈছে ব্লেক বেল্টৰ প্ৰথমটো সন্মান । ব্লেক বেল্টৰ এই পৰীক্ষাত অংশ লৈ বিশ্বনাথৰ চেম্পিয়নচ্ মেকাৰ একাডেমীৰ ৬ জন প্ৰশিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
লকডাউনৰ পূৰ্বে অনুস্থিত হোৱা ব্লেক বেল্টৰ এই পৰীক্ষাৰ ফলাফল অলপতে ঘোষণা কৰা হৈছিল । সমৰ কলাৰ এই একাডেমীখনৰ পৰা ৬ জনকৈ প্ৰশিক্ষাৰ্থীয়ে লাভ কৰা সন্মানৰ বাতৰিয়ে এতিয়া প্ৰতিস্থানটোৰ সকলোকে কৰি তুলিছে উৎফুল্লিত ।
![success of champion maker academy's student](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-803-9-aug-champions-maker-academy-photo-scrpt-as10018_09082020184817_0908f_1596979097_229.jpg)
একাডেমী খনৰ সঞ্চালক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সমৰ কলাৰ খেলুৱৈ হৃদয়ানন্দ দাসে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডোৰ এই ব্লেক বেল্টৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থী সকল ক্ৰমে প্ৰিয়দৰ্শনী লামা, নয়নী গগৈ, নিকি দাস, মিলন জ্যোতি বৰদলৈ, সুৰজিৎ বৰুৱা আৰু প্ৰদীপ ডেউৰী ।
প্ৰশিক্ষাৰ্থী সকলে পোৱা সন্মানৰ এই বাৰ্তাৰ পিছতে বিভিন্ন দল সংগঠনৰ লগতে ক্ৰিয়াপ্ৰেমী সকলে প্ৰতিস্থানটোক জ্ঞাপন কৰিলে অভিনন্দন আৰু শুভেচ্ছা ।
![success of champion maker academy's student](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-803-9-aug-champions-maker-academy-photo-scrpt-as10018_09082020184817_0908f_1596979097_570.jpg)
উল্লেখ্য যে, মহামাৰী কৰ'ণাৰ ভয়াবহতাৰ বাবে যোৱা পাঁচ মাহ ধৰি বন্ধ হৈ আছে একাডেমী খনৰ সকলোবোৰ প্ৰশিক্ষণ । ফলত অনুশীলৰ পৰা বিৰত থকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে প্ৰতিস্থানটোত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থী সকল ।
লগতে পঢ়ক : মানৱ ৰক্তৰ ব্যৱসায় : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এজন লোকক প্ৰেপ্তাৰ